কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক ব্লেক ফাংগাছ বা মিউক’ৰ্মাইকোছিচক মহামাৰী হিচাপে ঘোষণা কৰিবলৈ পৰামৰ্শ দিয়াৰ কেইটামান দিন পিছতে ভাৰতত এতিয়া আন এক সংক্ৰমণ দেখা দিছে।
চিকিৎসা বিজ্ঞানিসকলে এই সংক্ৰমণক হুৱাইট ফাংগাছ হিচাপে চিহ্নিত কৰিছে। বিহাৰৰ পাটনাত ৪ গৰাকী ব্যক্তিৰ শৰীৰত হুৱাইট ফাংগাছৰ সংগ্ৰমণ ধৰা পৰিছে।
পাটনাৰ পাৰছ হস্পিতালৰ পাল্মন’ল’জি বিভাগৰ মূৰব্বী চিকিৎসক ডাঃ অৰুণেশ কুমাৰৰ মতে হুৱাইট ফাংগাছ ব্লেক ফাংগাছতকৈ অধিক বিপজ্জনক।
এই ফাংগাছে নখ, ছাল, পাকস্থলী, কিডনী, মস্তিষ্ক, মুখ আদিৰ লগতে আমাৰ হাঁওফাঁওত আক্ৰমণ কৰে।
লগতে পঢ়ক : সোণাৰিত পৰিয়ালৰ লোকক গটালে অপহৃত ৰিতুল শইকীয়াক
হুৱাইট ফাংগাছৰ কাৰণ
চিকিৎসকৰ মতে কম ইমিউনিটি (ৰোগ প্ৰতিৰোধ ক্ষমতা), ডায়েবেটিছ ৰোগী আৰু বহু দিনৰ পৰা ষ্টেৰ’ইড গ্ৰহণ কৰি থকা লোকসকল হুৱাইট ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ বেছি সম্ভাৱনা থাকে।
ইয়াৰ উপৰি অক্সিজেনৰ ছাপ’ৰ্ট লৈ থকা ক’ভিড ৰোগীসকলকো হুৱাইট ফাংগাছে আক্ৰমণ কৰাৰ আংশকা থাকে বুলি চিকিৎসকে জানিবলৈ দিয়ে।
আনহাতে বিহাৰত হুৱাইট ফাংগাছ ধৰা পৰা ৰোগী কেইজনৰ দেহত ক’ভিডৰ লক্ষণ দেখা গৈছে যদিও তেওঁলোক ক’ভিড পজিটিভ নহয়।
হুৱাইট ফাংগাছৰ পৰা নিজকে বচাই ৰাখিবলৈ ঘৰৰ ভিতৰত বতাহ চলাচলৰ উপযুক্ত ব্যৱস্থা আৰু সঠিক অনাময় ব্যৱস্থা কৰিবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে।