গুৱাহাটী : কোনে, কি কাৰণত ডিম্পলক হত্যা কৰিলে ? উজান বজাৰৰ খাৰঘুলীৰ ১৪ বছৰীয়া কিশোৰী ডিম্পলৰ হত্যাকাণ্ডৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। ডিম্পলৰ হত্যাকাণ্ডৰ কাৰণ আৰক্ষীৰ লগতে ডিম্পলৰ পৰিয়ালটোৰ বাবে এক সাঁথৰ যেন হৈ পৰিছে।

বুধবাৰে দিন দুপৰতে উজান বজাৰৰ খাৰঘুলীত ১৪ বছৰীয়া কিশোৰী ডিম্পলক ঘৰত সোমাই অতি নিৰ্মমভাৱে কোনো দুৰ্বৃত্তই হত্যা কৰিছিল। ডিম্পলৰ মাতৃ অঞ্জলী দাসৰ মতে, তেওঁলোকৰ কোনো শত্ৰু নাই। ইতিমধ্যে ডিম্পলৰ হত্যাকাণ্ডৰ তদন্ত চলাই থকা আৰক্ষীয়ে তিনিজনক আটক কৰিছে।সোধা-পোছাৰ বাবে বন্ধুসহ ডিম্পলৰ জেঠায়েকৰ পুত্ৰক আৰক্ষীয়ে আটক কৰিছে।

ইফালে আৰক্ষীয়ে সন্দেহ কৰিছে যে কোনো পৰিচিত লোকে ডিম্পলক হত্যা কৰিছে। আনহাতে এটা এনজিঅ’ৰ নামত দুই যুৱকে ধন বিচাৰি অঞ্চলটোলৈ আহিছিল বুলি জানিব পৰা গৈছে। এই দুই যুৱকৰ আগমনৰ বিষয়টোও আৰক্ষীৰ তদন্তৰ আওতাত আহিব। আৰক্ষীসুত্ৰে প্ৰকাশ কৰা মতে কিশোৰী গৰাকীৰ মৃতদেহটোত ৬ টাকৈ ঠাইত ছুৰীৰে আঘাতৰ চিন আছিল।

লগতে পঢ়ক  : এইবাৰ গুৱাহাটী বিমান বন্দৰত যাত্ৰীৰ বেগৰ পৰা ওলাল আমেৰিকান ডলাৰ

গুৱাহাটী ক্লাবৰ এঞ্জেল অৱ গড হাইস্কুলত সপ্তম শ্ৰেণীৰ ছত্ৰী আছিল ডিম্পল। আৰক্ষীয়ে ঘটনাটোৰ প্ৰাথমিক তদন্তত ই চোৰ-ডকাইতিজনিত ঘটনা নহয় বুলি উল্লেখ কৰিছে। ঘৰৰ গডৰেজৰ কাপোৰ মজিয়াত পৰি থকা দেখা গৈছে যদিও ঘৰৰ কোনো সামগ্ৰীৰ হৰণ-ভগন হোৱা নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply