নিউজ ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি দিয়া পিছত এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়া সৃষ্ঠি হৈছে। যাৰ বাবে বৰ্তমান অসম আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ বাবে আৰু অধিক সুৰক্ষা ব্যৱস্থা কৰি দিছে।
বৰ্তমান ডিব্ৰুগড় কেন্দ্ৰীৰ কাৰাগাৰত কেইবাজনো খালিস্তানী সমৰ্থক আটক কৰি ৰখা হৈছে। যাৰ বাবেই মুখ্যমন্ত্ৰী লৈ ৱাৰিছ পাঞ্জাৱ দে’ ৰ মুৰব্বী অমৃতপাল সিঙৰ সহযোগীসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ বাবে গুৰ পতোৱান সিং পান্নুয়ে ফোন যোগে ভাবুকি প্ৰদান কৰে।
পিছে কোন এই গুৰ পতোৱান সিং পান্নু?
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি প্ৰদানৰ পিছতে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে সংবাদমেল সম্বোধন কৰি জনাই যে, গুৰ পতোৱান সিং পান্নু ‘শিখ ফৰ জাষ্টিচ’ৰ এগৰাকী মুৰব্বী। এই গুৰ পতোৱান সিং পান্নু বৰ্তমান কানাডাত এগৰাকী উকীল ৰূপে কৰ্মৰত।
লগতে কয় যে, ‘শিখ ফৰ জাষ্টিচ’ সংগঠনটো ভাৰত চৰকাৰে ২০১৯ চনত আইনবিৰোধী বুলি ঘোষণা কৰি থৈছে। আৰু ২০২০ চনত গুৰ পতোৱান সিং পান্নুক সন্ত্ৰাসবাদী বুলি ঘোষণা কৰে। ‘শিখ ফৰ জাষ্টিচ’ সংগঠনটো নিউয়ৰ্কস্থিত সংগঠন।
ইফালে, ২০২০ চনত পান্নুক সন্ত্ৰাসবাদী বুলি ঘোষণা কৰাৰ পিছতেই ভাৰত চৰকাৰে ইতিমধ্যে লুক আউট ন’টিচ জাৰি কৰি থৈছে। পান্নুৰ ঘৰ পাঞ্জাৱৰ অমৃতচৰত। ভাৰত চৰকাৰে ইতিমধ্যে পান্নুৰ সম্পত্তিও বাজেয়াপ্ত কৰিছে।
উল্লেখযোগ্য যে, গুৰ পতোৱান সিং পান্নুয়ে ভাবুকি দিয়াৰ পিছতেই অসম আৰক্ষীৰ তৰফৰ পৰা গোচৰ ৰুজু কৰা হৈছে। লগতে, কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাক ফোনৰ ক’ল ৰেকৰডিং প্ৰদান কৰৈ হৈছে।
যিহেতু বৰ্তমান খালিস্তানী সমৰ্থক অসমত আছে নেকি বুলি সাংবাদিকে প্ৰশ্ন কৰাত জি পি সিঙে কয় যে, ”অসমৰ শিখ সম্প্ৰদায়ৰ লোকসকল ভদ্ৰ আৰু মই নাভাবোঁ যে তেওঁলোকে এনে কোনো কৰ্মত নিয়োজিত হ’ব”।
“কিন্তু যেতিয়াৰ পৰা সংগঠনটোৰ কেইগৰাকীমান লোকক ইয়াত অনা হৈছে, তেতিয়াৰ পৰা ৰে’লৱে ষ্টেচন বা বিমান বন্দৰত বাহিৰৰ পৰা অহা শিখ লোকৰ ক্ষেত্ৰত দৃষ্টি ৰখা হৈছে।” লগতে সিঙে কয়।
উল্লেখযোগ্য যে, বৰ্তমান হিমন্ত বিশ্ব শৰ্মাক কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰা চিআৰপিএফ ৰ দ্বাৰা ‘জেড’ কেটেগৰিৰ সুৰক্ষা প্ৰদান দি থকা হৈছে। দেওবাৰে ভাবুকি প্ৰদান কৰাৰ সময়ত মুখ্যমন্ত্ৰী গুদালগুৰিত উপস্থিত আছিল। এই খবৰ আৰক্ষীয়ে গম পোৱা পিছতেই লগে লগেই নিৰাপত্তাৰক্ষীৰ সংখ্যা বৃদ্ধি কৰি দিয়া হয়।
লগতে পঢ়ক – ৬ মে’ত ফলাফল ঘোষণা হ’ব ৩য় আৰু ৪ৰ্থ বৰ্গৰ পৰীক্ষাৰ