কোৰোনা ভেকচিন

আত্মনিৰ্ভৰ ভাৰতৰ নিজা ভেকচিন লৈ এতিয়া বিপাঙত পৰিছে বহুজনে । ক’ভিডৰ ভেকচিন লব কোনটো সেই লৈ বহু প্ৰশ্ন উঠাৰ সময়ত ভাৰত চৰকাৰে নিজেই প্ৰস্তুত কৰা কোভাক্সিন ভেকচিন লবৰ বাবে মুকলি কৰি দিছিল । ইয়াৰ মাজতে ক’ভিশ্বিল্ড ভেকচিনৰ ব্যবস্থা কৰিছিল ।

ভাৰত বায়’টেকৰ ভেকচিন কোভাক্সিন লবৰ বাবে ৰাইজক আগবাঢ়ি আহিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে নিজেই ভেকচিন লৈ প্ৰচাৰ কৰিছিল ।

প্ৰথম অবস্থাত চৰকাৰী কৰ্মচাৰী, প্ৰথম শ্ৰেণীৰ ক’ভিড যোদ্ধা হিচাবে চিকিৎসক, স্বাস্থ্যকৰ্মীসকলক ভাৰত বায়টেকৰ ভেকচিন লবলৈ একপ্ৰকাৰ বাধ্য কৰোৱা হৈছিল । ভাৰত চৰকাৰে ভেকচিন উৎপাদন খৰখেদা কৰিবলৈ গৈ বিশ্ব স্বাস্থ্য সংস্থাৰ( WHO) নীতি নিয়ম নমনাৰ অভিযোগ আছে ।

ভেকচিনৰ পৰীক্ষা নিৰীক্ষা কৰি থকা সময়ত বিশ্ব স্বাস্থ্য সংস্থাৰ( WHO) নিয়ম মতে চাৰিটা পৰ্যায়ত সম্পন্ন কৰিব লাগে, কিন্তু ভাৰত বায়’টেকে এই বিষয়বোৰ অমান্য কৰি অহাৰ অভিযোগ ।

যাৰ বাবে ইউ এছ ফুড এন্ড ড্ৰাগছ এডমিনিষ্ট্ৰেছনে ভাৰত বায়’ট্ৰেকে জৰুৰী ব্যবহাৰৰ কৰা আবেদন নাকচ কৰিছিল । ভাৰত বায়’টেকৰ বিৰুদ্ধে তৃতীয় পৰ্যায়ৰ ট্ৰায়েলৰ ৰিপ’ৰ্ট নিদিয়াৰো অভিযোগ ।

যোৱা ৫ জানুৱাৰীৰ পৰা ভাৰত বায়’টেকৰ ক’ভাক্সিন জৰুৰী ব্যবহাৰত অনুমোদন দিছিল ভাৰত চৰকাৰৰ ড্ৰাগছ কন্ট’লাৰ জেনেৰেল অৱ ইন্ডিয়াই ।

বিশ্ব স্বাস্থ্য সংস্থাৰ উত্তৰ পূবাঞ্চলৰ মুৰব্বী ডা: শুভ্ৰজিত ভট্টাচাৰ্যই জনোৱা মতে চলিত মাহতে বিশ্ব স্বাস্থ্য সংস্থাৰ( WHO)য়ে ক’ভাক্সিনৰ অনুমোদন জনোৱাৰ সম্ভাবনা ।

মেক ইন ইন্ডিয়াৰ প্ৰডাক্ট ক’ভাক্সিন এতিয়াও নিষিদ্ধ হৈ থকাৰ পিছত বিদেশলৈ যাবলৈ ওলোৱা ছাত্ৰ ছাত্ৰীসকল বিপাঙত পৰিছে । কাৰণ অধিকাংশ ইউৰোপীয়ান দেশেই ক’ভাক্সিন লোৱা লোকক ভ্ৰমণৰ অনুমতি দিয়া নাই ।

বহু গবেষক ছাত্ৰ ছাত্ৰীয়ে ভেকচিন লোৱাৰ পিছতো অনুমতি নোপোৱাৰ বাবেই সমস্যাত পৰিছে । কেবল ছাত্ৰ ছাত্ৰীয়েই নহয় বহুবোৰ চৰকাৰী বিষয়া মন্ত্ৰীয়েও বহুবোৰ দেশলৈ যাবলৈ অনুমতি পোৱা নাই ।

লগতে পঢ়ক ফুটুকাৰ ফেনত পৰিণত ভজোৰ স্বৰ্গদেউ ৰুদ্ৰসিংহ আদৰ্শ গ্ৰাম্য পুখুৰী আঁচনি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply