নিউজ ডেস্কঃ আৰক্ষী এগৰাকী সমাজৰ প্ৰতি দায়বদ্ধশীল। ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত নিজৰ প্ৰাণো বিসৰ্জন দিবলগীয়া হয় আৰক্ষীয়ে। ‘আচামীক ধৰিবলৈ গৈ বানত উটি গ’ল আৰক্ষী’ সংবাদ মাধ্যমত এই বাতৰি সম্প্ৰচাৰিত হোৱাৰ পিছতেই হুৱা-দুৱা লাগিছিল সমুজ্জ্বলৰ ঘৰখনত। দেওবাৰৰ নিশাটোৱে যেন কাল নমাই আনিলে সমুজ্জ্বলৰ জীৱনলৈ। নিজৰ কৰ্তব্য পালন কৰিবলৈ গৈ আৰু উভতি নাহিল সমুজ্জ্বল। চাকৰিত যোগদান কৰা মাত্ৰ চাৰিদিন হৈছিল। অভিশপ্ত দেওবাৰটোৱে যেন কাল আছিল সমুজ্জ্বলৰ।
এতিয়া প্ৰশ্ন হয় ‘কোন আছিল জলসমাধি ঘটা সমুজ্জ্বল কাকতি?’
সমুজ্জ্বল কাকতি আছিল নগাঁৱৰ কামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া। আৰক্ষী বিষয়াগৰাকীৰ ঘৰ কামৰূপ জিলাৰ চাংসাৰীত। ২০১৭ বৰ্ষৰ ৫২ বেটছৰ উপ-পৰিদৰ্শক আছিল সমুজ্জ্বল কাকতি। ২০২১চনৰ ডিচেম্বৰত কাৰ্বি আংলঙৰ পৰা বদলি হৈ নগাঁও জিলালৈ আহিছিল। মাত্ৰ চাৰিদিন পূৰ্বে কামপুৰ আৰক্ষী থানাত ভাৰপ্ৰাপ্ত বিষয়া হিচাপে যোগদান কৰিছিল সমুজ্জ্বলে। দেওবাৰে নিশা পাচনিঝাৰত এটা অপৰাধীক বিচাৰি গৈছিল ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে।ঠিক তেতিয়াই সংঘটিত হৈছিল শোকাবহ ঘটনাটো। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কামপুৰতো বানে সংহাৰী ৰূপ ধাৰণ কৰিছে। এজন আচামীক ধৰিবলৈ নিশা তদন্তৰ বাবে গৈছিল কামপুৰ আৰক্ষীৰ এটা তিনিজনীয়া দল৷ কামপুৰৰ মধুপুৰত হঠাৎ বাঢ়নি পানীত পৰি যায় কনিষ্টবল ৰাজীৱ বৰদলৈ। কনিষ্টবলজনৰ প্ৰাণৰক্ষা কৰিবলৈ পানীত জাঁপ দিছিল ভাৰপ্ৰাপ্ত বিষয়া সমুজ্বল কাকতিয়ে। কপিলী, নিশাৰী নৈৰ কোবাল সোঁতে উটুৱাই নিয়ে দুয়োকে।
ঘটনাস্থলীত আৰক্ষী-এছডিআৰএফ বাহিনী উপস্থিত হৈ অভিযান চলাই প্ৰথমে ৰাজীৱ বৰদলৈ মৃতদেহ আৰু পিছত ভাৰপ্ৰাপ্ত বিষয়া সমুজ্জ্বল কাকতিৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। দুই আৰক্ষীৰ মৃত্যুত সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পৰিছে।