দিল্লীত উপস্থিত হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। বিশেষ বিমানযোগে দুয়ো একেলগে গৈ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ ঘৰত উপস্থিত হৈছে কিছুসময়ৰ পূৰ্বে।


দিল্লী যাত্ৰাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সংগ দিছে টিংখাং সমষ্টিৰ বিধায়ক বিমল বৰা আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সংগ দিছে নৱনিৰ্বাচিত নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈয়ে। ১০.৩০বজাৰ পৰা আৰম্ভ হোৱা বৈঠক ইতিমধ্যে আৰম্ভ হৈছে।


দুয়ো গৰাকী নেতাক দিল্লীলৈ তলব কৰাৰ সুত্ৰে আজিয়েই অসমৰ নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। কেইবালানিও ৰাষ্ট্ৰীয় নেতৃত্বৰ বৈঠকৰ শেষত


অৱশেষত চূড়ান্ত সিদ্ধান্তৰ বাবে মাতি পঠিয়াই সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply