দিল্লীলৈ ৰাওনা হোৱাৰ পূবে বৰঝাৰত

কোন হ’ব অসমৰ মুখ্যমন্ত্ৰী তাক লৈ দিল্লীত আৰম্ভ হৈছে গুৰুত্বপূৰ্ণ ৰুদ্ধদ্বাৰ বৈঠক । প্ৰথমতে হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বৈঠকত মিলিত কেন্দ্ৰীয় নেতৃত্ব । এঘন্টাৰো অধিক সময় আলোচনাৰ অন্তত হিমন্ত বিশ্ব শৰ্মা ওলাই যোৱাৰ পিছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দিল্লীৰ বাসভৱনৰ পৰা বৈঠকত অংশ লবলৈ সভাপতি জে পি নাড্ডাৰ সৈতে মিলিত হৈছে ।

মুখ্যমন্ত্ৰী কেন্দ্ৰীক চৰ্চাৰ মাজতে Lokniti নামৰ সংস্থাই প্ৰকাশ কৰিলে সৰ্বানন্দক অধিকাংশই বিচাৰে মুখ্যমন্ত্ৰী হিচাবে ।   Centre for the Study of Developing Societies -Loknitiৰ সমীক্ষাই সৰ্বানন্দ সোণোৱালক অধিক জনপ্ৰিয় বুলি অভিহিত কৰিছে। এই সমীক্ষা মতে, সোণোৱাল উজনি আৰু বৰাক উপত্যকাত সৰ্বাধিক জনপ্ৰিয়। হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা নামনিতে সীমাবদ্ধ।
সমীক্ষাত প্ৰকাশ পোৱা মতে, সমগ্ৰ অসমত ২৩শতাংশ লোকে সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে । তাৰ পৰিবৰ্তে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচৰা লোকৰ পৰিসংখ্যা ১১ শতাংশ ।

নামনি অসমত সৰ্বানন্দ সোণোৱালৰ মুখ্যমন্ত্ৰী হিচাপে গ্ৰহণযোগ্যতা উজনিৰ তুলনাত কম যদিও হিমন্ত বিশ্ব শৰ্মাতকৈ বেছি। নামনিত সোণোৱালক  ১৯ শতাংশ লোকে মুখ্যমন্ত্ৰী হোৱাটো কামনা কৰে।  তাৰ পৰিবৰ্তে ১৬ শতাংশ লোকেহিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে।

উজনি অসমত ২৮ শতাংশ লোকে সোণোৱাল মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে। তাৰ বিপৰীতে মাথো ৬ শতাংশ লোকহে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে।

বৰাক উপত্যকাটো সোণোৱালৰ গ্ৰহণযোগ্যতা হিমন্ত বিশ্ব শর্মাতকৈ অধিক। সেই অঞ্চলত সোণোৱালক বিচাৰে ২২ শতাংশ লোকে আৰু শৰ্মাক বিচাৰে ৯ শতাংশ লোকে ।

সমীক্ষাত প্ৰকাশ পোৱা মতে ৩৮ শতাংশ বাঙালী হিন্দুয়ে ৩২শতাংশ অসমীয়া হিন্দুয়ে সোণোৱালক বিচাৰে। অনা বড়ো জনজাতীয় লোক সকলৰ ৪১ শতাংশই সোণোৱাল পুনৰ মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply