নিউজ ডেস্ক: ২০২৪ চনৰ লোকসভা নির্বাচনক লৈ প্রার্থিত্বকেন্দ্ৰিক ৰাজনৈতিক সমীকৰণ আৰম্ভ হৈছে বিৰোধী শিবিৰত। ইতিমধ্যে ৰাজ্যৰ অন্যতম শক্তিশালী দল বদৰুদ্দিন আজমলৰ এ আই ইউ ডি এফক বাদ দি মিলিত হৈছে ৰাজ্যৰ ১১ টাকৈ ৰাজনৈতিক দল। কংগ্ৰেছৰ নেতৃত্বত মিলিত হোৱা এই এঘাৰটা বিৰোধী দলে এতিয়া আৰম্ভ কৰিছে সমষ্টিকেন্দ্রিক কুচকাৱাজ। বিগত প্রায় এটা দশক ধৰি ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰে পৰোক্ষভাৱে কিংমেকাৰৰ ভুমিকাত অৱতীৰ্ণ হৈ অহা বদৰুদ্দিন আজমলৰ এ আই ইউ ডি এফক এলাগী কৰি মিলিত হোৱা এঘাৰ বিৰোধী দলৰ প্ৰস্তাৱিত বিৰোধী মিত্ৰজোঁটৰ পৰিকল্পনাৰ প্ৰথম লক্ষ্য উজনি অসম দখল। কিয়নো ইতিহাস সাক্ষী যে উজনি অসম দখল কৰা দলেই পৰৱৰ্তী নিৰ্বাচনত দিছপুৰ দখল কৰি আহিছে।
পিছে এইবাৰ এ আই ইউ ডি এফবিহীন বিৰোধী শিবিৰত অথন্তৰ লাগিছে নতুন মুখৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাক লৈ। কাৰণ উজনি অসমৰ তিনিওটা গুৰুত্বপূৰ্ণ সমষ্টি ক্ৰমে ডিব্ৰুগড়, যোৰহাট আৰু লখিমপুৰ লোকসভা সমষ্টিত বর্তমান নাই কংগ্ৰেছৰ শক্তিশালী দাবীদাৰ। ইফালে এই তিনিওটা সমষ্টিৰ বাবে বিজেপিয়ে কেন্দ্ৰীয় মন্ত্ৰীদ্বয় সৰ্বানন্দ সোণোৱাল, ৰামেশ্বৰ তেলী, বিধায়ক সুশান্ত বৰগোঁহাই, সিদ্ধাঙ্কু অংকুৰ বৰুৱা, কামাখ্যা প্ৰসাদ তাছা, লাচিত গগৈ আদিৰ নাম কেন্দ্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰাৰ খবৰে বাৰুকৈয়ে শলঠেকত পেলাইছে ১১ দলীয় মহাজোঁটক।
ইফালে বিগত প্রায় দুই-তিনি দশক ধৰি একেলেথাৰিয়ে ডিব্ৰুগড় লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে প্রতিদ্বন্দ্বিতা কৰি অহা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি পৱনসিং ঘাটোৱাৰে ইতিমধ্যে সমাগত লোকসভা নিৰ্বাচনৰ ৰণক্ষেত্ৰৰ পৰা পৃষ্ঠভংগ দিছে। ঘাটোৱাৰে নিজেই ঘোষণা কৰিছে, এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ কথা। এনে প্রেক্ষাপটতে ডিব্ৰুগড়ত শুন্য হৈ পৰিছে কংগ্ৰেছৰ শক্তিশালী দাবীদাৰ। ইতিমধ্যেই উজনিৰ ৰাজনীতি এৰি নগাওঁ লোকসভা সমষ্টিত থিতাপি লৈছে প্ৰদ্যুৎ বৰদলৈ। এনে প্ৰেক্ষাপটত সমাগত লোকসভা নিৰ্বাচন
উজনিৰ তিনিটা সমষ্টিৰ বাবে কংগ্ৰেছৰ প্রার্থী হ’ব কোন? এই প্রশ্নই এতিয়া বিৰোধী শিবিৰক ব্যতিব্যস্ত কৰাৰ খবৰ আহিছে। ঘাটোৱাৰৰ পৃষ্ঠভঙ্গ, ৰাণী নৰহ আস্থাহীন হৈ পৰা, আন আন শক্তিশালী প্ৰাৰ্থীৰ বিধানসভা নেৰাৰ প্ৰৱণতাই স্বাভাৱিকতে প্ৰতিখন বৈঠকতে শলঠেকত পেলাইছে বিৰোধী শিবিৰক। এনে প্রেক্ষাপটতে উজনি অসমৰ ডিব্ৰুগড়, লখিমপুৰ আৰু যোৰহাট লোকসভা সমষ্টিৰ বাবে এতিয়া বিৰোধী শিবিৰত ওলাইছে নতুন মুখৰ বিকল্প প্রার্থীৰ নাম। এইক্ষেত্ৰত সর্বাধিক চৰ্চালৈ আহিছে বিৰোধী শিবিৰৰ অংশীদাৰ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ নাম।
অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ ডিব্ৰুগড় লোকসভা সমষ্টিৰ তিনিচুকীয়া জিলাত হোৱাত স্বাভাৱিকতে তেওঁ বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীৰূপে ডিব্ৰুগড় সমষ্টিত প্রাতিদ্বন্দ্বিতা কৰিব পাৰে বুলি চৰ্চা আৰম্ভ হৈছে। পিছে বিজেপি প্ৰাৰ্থীক হৰুৱাব পৰা শক্তিশালী প্ৰাৰ্থীৰ অভাৱত ভুগা বিৰোধী শিবিৰৰ একাংশই লুৰীণজ্যোতি গগৈক লখিমপুৰ অথবা যোৰহাট লোকসভাতো প্ৰক্ষেপ কৰাৰ প্ৰস্তাৱ দিছে। আনফালে যোৰহাট লোকসভা সমষ্টিত আছে আহোম জনগোষ্ঠীৰ ভোটাৰৰ ব্যাপক প্রভাৱ। পিছে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াই উজনি অসমত আহোম জনগোষ্ঠীৰ ৰাজনৈতিক আধিপত্য হ্ৰাস কৰাৰ উপক্ৰম ঘটিছে। এই দিশটোৱেই ৰাজ্যৰ আহোম জনগোষ্ঠীক ক্ষোভিত কৰিছে, আৰু তাৰেই সুযোগ গ্ৰহণ কৰি যোৰহাটৰ পৰা অখিল গগৈৰ নামো প্ৰস্তাৱ কৰা হৈছে।
নিৰ্বাচনলৈ মাথো ১০ মাহ থকা অৱস্থাত তিনিগৰাকী শক্তিশালী প্ৰতিদ্বন্দী বিজেপিৰ বিৰুদ্ধে থিয় কৰাবলৈ অথন্তৰৰ সমূখীন হোৱা কংগ্ৰেছ নেতৃত্বাধীন ১১ দলীয় জোঁটে কিদৰে লোকসভাৰ বৈতৰণী পাৰ হ’ব সেয়া সময়তহে লক্ষণীয় হ’ব।