কেন্দ্ৰীয় চৰকাৰ আৰু নাগা বিদ্ৰোগী সংগঠন এন এছ চি এন (আই এম)-ৰ মাজত চলি থকা নাগা শান্তি আলোচনাৰ মধ্যস্থতাকাৰীৰ দায়িত্ব নতুন ব্যক্তিৰ হাতত অৰ্পন হ’ব।
ইষ্টম’জ’ৰ হাতত পৰা তথ্য অনুসৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে নাগালেণ্ডৰ প্ৰাক্তন ৰাজ্যপাল আৰ এন ৰবিক মধ্যস্থতাকাৰীৰ পৰা অব্যাহতি দি চোৰাংচোৱা বিভাগৰ প্ৰাক্তন বিশেষ সঞ্চালক অক্ষয় কুমাৰ মিশ্ৰক এই দায়িত্ব অৰ্পন কৰাৰ সম্ভাৱনা আছে।
এক সূত্ৰৰ মতে, ১৯৮৭ বেট্চৰ ৰাজস্থান কেডাৰৰ আই পি এছ বিষয়া মিশ্ৰই চলিত বৰ্ষৰ জুন মাহত অৱসৰ গ্ৰহণ কৰাৰ পিছত গৃহ মন্ত্ৰ্যালয়ত এগৰাকী পৰামৰ্শদাতা হিচাপে সেৱা আগবঢ়াই আছে।
খবৰ মতে মিশ্ৰৰ সৈতে চোৰাংচোৱা বিভাগৰ সঞ্চালক অৰবিন্দ কুমাৰে নাগা শান্তি আলোচনাৰ অতিৰিক্ত মধ্যস্থতাকাৰী হিচাপে যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।
উল্লেখ্যযোগ্য যে ২০১৫ চনৰ ৩ আগষ্টত কেন্দ্ৰীয় চৰকাৰ আৰু নাগা বিদ্ৰোহী গোট এন এছ চি এন (আই এম)-ৰ মাজত নাগা শান্তি চুক্তিৰ ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট স্বাক্ষৰিত হৈছিল যদিও আজি পৰ্য্যন্ত দুয়োটা পক্ষ চুক্তিখনৰ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্তত উপনিত হ’বলৈ সক্ষম হোৱা নাই।
এইক্ষেত্ৰত এন এছ চি এন (আই এম)-এ বৰ্তমানৰ মধ্যস্থতাকাৰী তথা ৰাজ্যখনৰ প্ৰাক্তন ৰাজ্যপাল আৰ এন ৰবিক দোষ দিব খোজে। তেওঁলোকৰ মতে ৰবিয়ে নাগালেণ্ডৰ বাবে এখন সুকীয়া পতাকা আৰু সংবিধানৰ দাবীক মানি ল’বলৈ অস্বীকাৰ কৰি অহাৰ ফলতে সুদীৰ্ঘ দিন ধৰি চলি অহা বিষয়টো আগবঢ়া নাই।
উল্লেখযোগ্য যে ২০১৯ চনত নাগালেণ্ডৰ ৰাজ্যপালৰ দায়িত্ব গ্ৰহণ কৰা ১৯৭৬ বেট্চৰ আই পি এছ বিষয়া আৰ এন ৰবিক ২০১৪ চনত নাগা শান্তি আলোচনাৰ মধ্যস্থতাকাৰী হিচাপে নিয়োগ কৰা হৈছিল।
মধ্যস্থাতাকাৰীৰ দায়িত্ব গ্ৰহণ কৰা ৰবিয়ে প্ৰথম অৱস্থাৰ পৰাই এন এছ চি এন (আই এম)-ৰ সুকীয়া পতাকা আৰু সংবিধানৰ দাবীৰ বিৰুদ্ধে বিষোদ্গাৰ প্ৰকাশ কৰি আহিছিল, যাৰ ফলত ৰবিৰ সৈতে এন এছ চি এন (আই এম)-ৰ সংঘাত আৰম্ভ হয় আৰু গোটেই প্ৰক্ৰিয়াটোত শিথিলতা আহি পৰে।
অৱশ্যে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এই পৰ্য্যন্ত ৰবিক নাগা শান্তি আলোচনাৰ মধ্যস্থতাকাৰীৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া সন্দৰ্ভত কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই।
কিন্তু শেহতীয়াকৈ যোৱা ৯ ছেপ্টেম্বৰত তেওঁক নাগালেণ্ডৰ পৰা আঁতৰাই তামিলনাডুৰ ৰাজ্যপালৰ দায়িত্ব অৰ্পন কৰা হয়। তেওঁৰ ঠাইত অসমৰ ৰাজ্যপাল জগদীশ মুখীক উক্ত দায়িত্ব অৰ্পন কৰা হৈছে।
নাগা চুক্তিৰ বিষয়টোৱে ৰাজ্যখনৰ ৰাজনীতিত যাতে জতিলতাৰ সৃষ্টি নকৰে তাক লৈ কিছুদিন পূৰ্বে নাগালেণ্ডৰ মুখ্য মন্ত্ৰী নেফিউ ৰিঅ’ সহ ৰাজ্যখনৰ মন্ত্ৰীসকলে নতুন দিল্লীত গৈ গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনাত মিলিত হৈছিল।
এতিয়া আৰ এন ৰবিক মধ্যস্থতাকাৰীৰ দয়িত্বৰ পৰা অব্যাহতি দি সেই স্থানত এজন নতুন মধ্যস্থতাকাৰীক নিয়োগ কৰাৰ পিছত দিৰ্ঘদিনীয়া নাগা শান্তি প্ৰক্ৰিয়াৰ বিষয়টো অনাগত কিমান দূৰ আগবাঢ়ে সেয়া লক্ষণীয় হ’ব।
লগতে পঢ়ক : মাত্ৰ ৮ বছৰ বয়সতে এপ নিৰ্মাণ কৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে নাগালেণ্ডৰ এটি শিশু