ৰঙিয়া : যোগান মন্ত্ৰী অথবা যোগান বিভাগক কেৰেপ নকৰে পাইকাৰী ব্যৱসায়ীয়ে। নিজ ময়মতালিৰে দাম বঢ়াইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ। প্ৰতি বেগ পিয়াজৰ মূল্য ৰচিদত লিখাতকৈ তিনিশ টকাকৈ অধিক লিছে পাইকাৰী ব্যৱসায়ীয়ে। পিয়াঁজৰ মূল্য অধিক লোৱাত ৰঙিয়াৰ ডিমুৰ ব্যৱসায়ীয়ে প্ৰতিবাদ কৰাৰ বাবেই ধমকি দিছে বহিঃৰাজ্যৰ পাইকাৰী ব্যৱসায়ীয়ে।
কভিডসৃষ্ট পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অৰ্ধ লকডাউনৰ এই সময়ছোৱাত কামৰূপ জিলাৰ ৰঙিয়াৰ ডিমুৰ ব্যৱসায়ীসকলে অতি নিম্নমানৰ লাভ কৰি অত্যাৱশ্যকীয় সামগ্ৰী বিক্ৰী কৰি আছে। ব্যৱসায়ীসকলৰ পদক্ষেপক প্ৰশংসা কৰি যোগান মন্ত্ৰী ৰণজিত কুমাৰ দাসে নিজে আহি ব্যৱসায়ীসকলক সম্বদ্ধনা জনাইছিল কিন্তু এতিয়া সেই ব্যৱসায়ীসকলে পাইকাৰী ব্যৱসায়ীৰ পৰা ধমকি খাব লগা হৈছে।
আমিনগাঁৱৰ চকীগেটৰ বজৰংগ এণ্ড কো নামৰ পাইকাৰী দোকানৰ স্বত্বাধীকাৰীয়ে ৰচিদত লিখাতকৈ অত্যাধিক সামগ্ৰীৰ মূল্য অধিক লোৱাৰ অভিযোগ তুলিছে এই ব্যৱসায়ীসকলে। অধিক মূল্য লোৱাৰ বাবে ৰঙিয়া ডিমুৰ ব্যৱসায়ীসকলে প্ৰতিবাদ কৰাৰ বাবে পাইকাৰী ব্যৱসায়ীয়ে এই সকল ব্যৱসায়ীক ধমক দিয়াৰ অভিযোগ কৰিছে। এগৰাকী খুচুৰা ব্যৱসায়ীয়ে ৰচিদত লিখাতকৈ বেছি মূল্য লোৱা ভিডিঅ’ মোবাইলত আবদ্ধ কৰিছিল আৰু এই ঘটনা সন্দৰ্ভত ইতিমধ্যে ভূক্তভোগী খুচুৰা ব্যৱসায়ীগৰাকীয়ে ৰঙিয়া যোগান বিভাগ, ৰঙিয়া মহকুমাধিপতি আৰু কামৰূপ উপায়ুক্তত অভিযোগ দিছে।
লগতে পঢ়ক : ৰঙিয়াৰ স্বস্তি হাস্পতালৰ পৰা চাৰি সন্তানক লৈ ঘৰমুৱা হ’ল ধুবুৰীৰ দম্পত্তি
এতিয়া প্ৰশ্ন হ’ল যদি পাইকাৰী ব্যৱসায়ীয়ে নিজ ময়মতালিৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি কৰাৰ লগতে ৰচিদত লিখা দামতকৈ অত্যাধিক দাম লয় তেন্তে খুচুৰা ব্যৱসায়ীয়ে কি কৰিব ! অত্যাধিক মূল্যত ক্ৰয় কৰা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য সাধাৰণ গ্ৰাহকৰ ওচৰত নপৰিবনে ! এইসকল বহিঃৰাজ্যৰ ব্যৱসায়ীৰ ওপৰত যোগান বিভাগে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে? নে এনেদৰেই নিজ ময়মতালিৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম নিৰ্ধাৰণ কৰিব খোদ পাইকাৰী ব্যৱসায়ীয়ে ?