নিউজ ডেস্ক : আজিৰ সময়ত নৱ প্ৰজন্মৰ মাজত কৃষি কৰ্মৰ প্ৰতি সততে অনিহা প্ৰকাশ কৰা দেখা যায়। ঘৰত যথেষ্ট পৰিমাণে কৃষিভূমি থকাৰ পিছতো তেওঁলোকে লাগিলে কম পইচাতে হ’লেও বেলেগ কামত নিজকে নিয়োগ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে।

নতুন প্ৰজন্মৰ যুৱক-যুৱতীসকলৰ মাজত কৃষি কৰ্মৰ প্ৰতি অনিহা বৃদ্ধি পাবলৈ ধৰাটো এক চিন্তনীয় বিষয় হৈ পৰিছে। কিয় বৰ্তমান সময়ত উঠি অহা প্ৰজন্মই কৃষি কাৰ্য্যক বৃত্তি হিচাপে বাছি ল’বলৈ আগ্ৰহী নহয়? কিয় দিন বাগৰাৰ লগে লগে আমি আমাৰ মাটিৰ পৰা ক্ৰমাৎ বিছিন্ন হৈ আহিছো?

এনে বহু প্ৰশ্ন আৰু সেই সমূহৰ এক সমাধানৰ বাট বিচাৰি সমীৰ বৰদলৈয়ে হাতত লৈছে এক ব্যতিক্ৰমী প্ৰচেষ্টা। নিজকে ‘ফাৰ্মাৰ সমীৰ বৰদলৈ’ বুলি চিনাকি দি ভালপোৱা বৰদলৈয়ে আৰম্ভ কৰা এই প্ৰচেষ্টাৰ নাম হৈছে ‘গ্ৰীণ কমাণ্ডো’।

অসম কৃষি বিশ্ববিদ্যালয়ৰ স্নাতক বৰদলৈয়ে চৰকাৰী তথা বিভিন্ন বহুজাতিক প্ৰতিষ্ঠানৰ চাকৰি বাদ দি কৃষি কৰ্মৰ দ্বাৰা নিজৰ লগতে আন দহজনক প্ৰতিষ্ঠা কৰাত মনোনিৱেশ কৰে।

ইয়াৰে এক অংশ হ’ল গ্ৰীণ কমাণ্ডো। ‘নৱ প্ৰজন্মক যাতে কৃষিৰ প্ৰতি আগ্ৰহী কৰি তুলিব পাৰি সেই উদ্দেশ্য আগত ৰাখি মই গ্ৰীণ কামাণ্ডো আৰম্ভ কৰিছিলো। কৃষি উদ্যমতা বৃদ্ধি কৰা, খাদ্য সঞ্চয় আদি বিভিন্ন দিশত আমি কাম কৰি আছো।’  বৰদলৈয়ে কয়।

২০১৭ চনত সোণাপুৰত আৰম্ভ কৰা গ্ৰীণ কমাণ্ডোত বৰ্তমান সদস্যৰ সংখ্যা ৪৫৬ গৰাকীলৈ বৃদ্ধি পাইছে।

‘মই সোণাপুৰত ‘ফুড ফৰেষ্ট’খনৰ কাম আৰম্ভ কৰাৰ সময়ত ইয়াৰ হাবি-জংঘল চাফা নকৰাকৈয়ে তাত শাক-পাছলি ৰোপণ কৰিছিলো। সেই সময়ত ইয়াত কোনো বনৰীয়া জীৱ-জন্তু নাছিল।  লাহে লাহে কচু, হালধি, কল,ঔটেঙা আদি বিভিন্ন গছ ৰোবলৈ আৰম্ভ কৰাত ঠাইখিনিলৈ বন গাহৰি, নাহৰফুটুকী বাঘ, বনৰীয়া হাতী আদি জন্তুৰ আগমন ঘটা আৰম্ভ কৰে। বৰ্তমান মানুহ, জন্তু সকলোৱে ইয়াৰ পৰা খাদ্য আহৰণ কৰে,’ বৰদলৈয়ে লগতে কয়।

এই হাবিখনে তেওঁক স্বাৱলম্বী হৈ থকাৰ সুযোগ দিয়া বুলি উল্লেখ কৰি তেওঁ কয়, ‘খেতি কৰিবলৈ মই এতিয়া বেংকৰ পৰা ঋণ লোৱাৰ প্ৰয়োজন নাই, বৰঞ্চ এই হাবিখনেই মোক স্বাৱলম্বী হৈ থকাৰ সুযোগ দিছে। গ্ৰীণ কমাণ্ডোৰ উদ্দেশ্যে হৈছে এক সেউজ বাহিনী তৈয়াৰ কৰা যি থলুৱা খাদ্য, থলুৱা মানুহ আৰু থলুৱা অৰ্থনীতিত বিশ্বাস ৰাখে। যি আমাৰ পৰম্পৰাগত খাদ্য প্ৰণালীক সংৰক্ষণ আৰু সম্প্ৰসাৰণ কৰাত গুৰুত্ব দিয়ে, যাতে আমি স্বাৱলম্বী কৃষক তৈয়াৰ কৰি আমাৰ কৃষি পদ্ধতিক জীয়াই ৰাখিব পাৰো।’   

জৰিয়তে কৃষি ক্ষেত্ৰলৈ আগবঢ়াই অহা অৱদানৰ বাবে বৰদলৈক ২০১৬ চনত Indian Council of Agricultural Research আৰু All India Agricultural Students Association –এ প্ৰগতি পুৰস্কাৰেৰে সন্মানিত কৰে।

ইয়াৰ উপৰি ২০১৭ চনত Ministry of Agriculture & Farmers Welfare –এ তেওঁক দেশৰ শ্ৰেষ্ঠ কৃষি উদ্যোগী, ২০১৮ চনত অসম কৃষি বিশ্ববিদ্যালয়ে কৃষক ৰত্ন সন্মান আৰু ২০১৯ চনত Indian Agricultural Research Institute –এ ৰাষ্টীয় উদ্ভাৱনীমূলক কৃষকৰ সন্মান আগবঢ়ায়।

 লগতে পঢ়ক : কেতিয়াৰ পৰা দুটাতকৈ অধিক জন্ম দিলে নাথাকিব চৰকাৰী চাকৰি ?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply