নিউজ ডেস্কঃ মুক্তিলাভ কৰাৰ পূৰ্বেই চৰ্চাত আছে আমিৰ খানৰ নতুন চিনেমা লাল সিং চড্ডা। চিনেমাখনৰ প্ৰচাৰৰ বাবে এই সপ্তাহতে অসমলৈ অহাৰ কথা আছিল বলিউড অভিনেতাগৰাকী। পিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুৰোধ ৰক্ষা কৰি অসম ভ্ৰমণ স্থগিত ৰাখিবলগীয়া হ’ল বলীউড ছুপাৰষ্টাৰ আমিৰ খানে। অভিনেতাগৰাকীৰ আগমনে স্বাধীনতা দিৱস উদযাপনত যাতে বাধাৰ সৃষ্টি নহয় তাৰবাৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ভ্ৰমণ স্থগিত ৰাখিবলৈ অভিনেতাগৰাকীক আহ্বান জনায়।

অভিনেতাগৰাকীৰ অসম আগমনক লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, ‘আমিৰ খান অসমলৈ আহিবলৈ বিচাৰিছিল আৰু মোৰ সৈতে এই সন্দৰ্ভত কথা পাতিছিল। কিন্তু স্বাধীনতা দিৱসৰ গুৰুত্ব যাতে কমি নাযায় তাৰ বাবে, মই তেওঁক ১৫ আগষ্টৰ পিছত আহিবলৈ আহ্বান জনাইছিলো’। স্বাধীনতা দিৱসত ত্ৰিৰংগাৰ পৰা মনোযোগ আঁতৰ হোৱাটো আমি নিবিচাৰো।”
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, “মই আমিৰ খানৰ সৈতে সদায় ফোনত যোগাযোগত আছো। তেখেত আকৌ কেতিয়া আহিবলৈ বিচাৰে মই সুধিম সেইমতে পুনৰ আমি তাৰিখ নিৰ্ধাৰণ কৰিম।”

অভিনেতা আমিৰ খানে এই বছৰৰ জুন মাহত বানবিধ্বস্ত অসমলৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ লাখ টকা দান কৰিছিল। আমিৰ খানে প্ৰায় ১০ বছৰ আগতে শেষবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল আৰু তেতিয়া তেওঁ তেজপুৰত আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply