পূৰ্বৰ তুলনাত আজিকালি শৰীৰচৰ্চাৰ প্ৰতি মানুহৰ সচেতনতা বৃদ্ধি পাব ধৰিছে। নিজৰ শৰীৰটোক সুস্থ, সবল কৰি ৰাখিবলৈ বিভিন্নজনে জিম আদিত গৈ নিয়মিত শৰীৰচৰ্চা কৰে। কিন্তু শৰীৰচৰ্চা কৰিবলৈ জিমলৈ যাবই লাগিব বুলি কোনো কথা নাই, নিজৰ ঘৰতে আমি বিভিন্ন শাৰীৰিক অনুশীলনৰ জৰিয়তে শৰীৰটোক সুস্থ কৰি ৰাখিব পাৰোঁ।
অভিভাৱকসকলে ল’ৰা-ছোৱালীক কম বয়সৰ পৰাই শৰীৰচৰ্চাৰ শিক্ষা দিয়া উচিত। ইয়াৰ জৰিয়তে শিশুটিৰ শাৰীৰিক বিকাশত যথেষ্ট ইতিবাচক প্ৰভাৱ পৰে।
তেজপুৰস্থিত ফিটনেছ ট্ৰেইনাৰ সঞ্জীৱ ভট্টচাৰ্য্যই শিশুৰ উপযোগী শৰীৰচৰ্চাৰ কেইটামান বিশেষ টিপছ আগবঢ়াইছে। তেওঁৰ মতে নিয়মীয়া শৰীৰচৰ্চা এটি শিশুটিৰ স্বাস্থ্যৰ লগতে মানসিক বিকাশৰ যথেষ্ট ভাল।
‘ইয়াৰ দ্বাৰা শিশুটিৰ পঢ়াশুনাত মনোযোগ বৃদ্ধি পায়,’ তেওঁ কয়। ইয়াৰ উপৰি দৈনিক শৰীৰচৰ্চা কৰিলে শিশুটিৰ টোপনি ভাল হোৱাৰ লগতে শিশুটিক তজবজীয়া কৰি ৰাখে।
শিশুসকলৰ বাবে তেওঁ শৰীৰচৰ্চাৰ কেইটামান বিশেষ টিপছ আগবঢ়াইছে –
- আপোনাৰ শিশুটিক দৈনিক অন্ততঃ এঘণ্টাকৈ যোগাসন বা ধ্যান কৰাৰ অভ্যাগ গঢ় দিয়ক।
- শিশুটিক আপুনি বিভিন্ন এ’ৰোবিক (aerobics) অনুশীলন যেনে বাষ্কেটবল খেলা, সাঁতোৰা, জগিং কৰা, দৌৰা, চাইকেল চলোৱা ইত্যাদি কৰিবলৈ দিয়ক।
- শিশুসকলে পুশ্ব-আপ, ক্ৰাণ্চেছ, ষ্ট্ৰেটচিং আদি কৰিব পাৰে। ইয়াৰ দ্বাৰা তেওঁলোকৰ দৈহিক গঠন মজবুত হোৱাৰ লগতে শক্তি বৃদ্ধি পাব।
- ৰ’প স্কিপিং আন এক ভাল শৰীৰচৰ্চাৰ অনুশীলন। ইয়াৰ দ্বাৰা শিশুটিৰ হাত, ভৰি আদি মাংসপেশী মজবুত হয়।
- যদি আপোনাৰ শিশুটিয়ে নৃত্য কৰি ভাল পায় তেন্ত নৃত্যৰ ক্লাছত তেওঁলোকক নাম লগাই দিয়ক। শিশুসকলৰ বাবে এইয়া এক খুব ভাল শাৰীৰিক অনুশীলন।
লগতে পঢ়ক : থলুৱা আৰু আধুনিক সংগীতৰ ফিউজনেৰে অসমীয়া সংগীতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা এগৰাকী শিল্পী