নিউজ ডেস্ক : আপোনাক যদি কোনোবাই কয় যে যিমানেই কমকৈ বস্তু ৰাখিব সিমানেই বেছি সুখী হ’ব পাৰিব আপুনি বাৰু মানি ল’বনে? এইবিলাক হৈছে সেইসমূহ বস্তু যাৰ আপোনাক কোনো প্ৰয়োজন নাই। হয়টো আপোনাৰ কোনো কামত নাহে বা আপোনাৰ পচন্দ নহয়।
এই কথা হয় যে ঘৰখনত থকা বস্তু বিলাকৰ সৈতে আমাৰ বহুতৰে বিভিন্ন স্মৃতি জড়িত হৈ আছে, সেয়ে কিছুমান বস্তুক আঁতৰাই পেলোৱাটো টান। কিন্তু, ‘minimalism’ মানে দীনতা নহয়, বৰঞ্চ ই এক স্বাধীনতা।
অলাগতিয়াল বস্তুবিলাক আঁতৰ কৰাৰ আগতে নিজকে দুটা প্ৰশ্ন কৰক-
এইটো মোৰ সৈতে খাপ খাই নে?
কেতিয়াবা আমি এনে বহু বস্তু ৰাখি থৈ দিওঁ যিবোৰ আমাৰ কোনো কামত নাহে। সেয়ে, এবাৰ নিজকে সুধি চাওক : এইটো বস্তু মোৰ সৈতে খাপ খাই নে? মোৰ শৰৰীত খাপ খাই নে বা মোৰ ষ্টাইল বা ব্যক্তিত্বৰ সৈতে খাপ খাই নে? যদি নহয়, তেন্তে ইয়াক যাবলৈ দিয়ক।
ই কিবা কামত আহিবনে?
আমাৰ প্ৰত্যেকৰে হয়টো কিছুমান বস্তুৰ প্ৰতি একধৰণৰ আৱেগ সোমাই থাকে। গতিকে অলাগতিয়াল বস্তুবিলাক আঁতৰাই পেলোৱাৰ সময়ত একোটা বস্তু আপোনাৰ বাবে সঁচাকৈ প্ৰয়োজনীয় নে কেৱল এক আৱেগৰ বাবে তাক ৰাখি থৈছে নিজকে সুধি চাওক। হয়টো কিছুমান বস্তু আঁতৰাই পেলাওঁতে প্ৰথমে অলম কষ্ট হ’ব কিন্তু পিছলৈ ই আমাক অধিক আনন্দ আৰু মনটো মুকলি কৰি তুলিব।
লগতে পঢ়ক : পিকচাৰ বাকী হ্যে? ক’ভিডে এন্ধাৰ কৰা ছবি গৃহৰ কৰ্মীসকলৰ জীৱনৰ পৰ্দাত পোহৰ পৰিবনে?
কেনেকৈ আঁতৰাব অলাগতিয়াল বস্তু?
পৰ্য্যায়ক্ৰমে আগবাঢ়ক : ধৰি লওক আপোনাৰ ঢেৰ চোলা আছে। সকলোবোৰ চোলাবিলাক এঠাইত গোটাই লওক তাৰ পিছত কোনবিলাক চোলা আপুনি প্ৰায়ে পিন্ধে, কোনবিলাক কমকৈ পিন্ধে আৰু কোনবিলাক একেবাৰে নিপিন্ধে তাক বাছি উলিয়াওক। এতিয়া, যিবিলাক চোলো কোনো দিন পিন্ধা নাই সেইবিলাক আনক দান দি দিব পাৰে, কমকৈ পিন্ধা চোলা বিলাক বাকচ এটাত ভৰাই থওক পিছত ঠিক কৰিবলৈ। এই কামটো আপুনি অন্য সামগ্ৰীৰ ক্ষেত্ৰটো কৰিব পাৰে।
ইয়াক এক আনন্দদায়ক কাম হিচাপে লওক : আপোনাৰ বন্ধু-বান্ধৱ মাতি আনি ইয়াৰ কিছুমান বস্তু আপুনি তেওঁলোকক উপহাৰ হিচাপে দিব পাৰে। আৰু তেওঁলোককো এনে কাম কৰিবলৈ আপুনি উৎসাহ যোগাব পাৰে।
কমকৈ হ’লেও আজিৰ পৰা আৰম্ভ কৰি চাওক। অলাগতিয়াল বস্তুৰে ভৰাই ৰাখিবলৈ জীৱনটো তেনেই চুটি, গতিকে এনে বস্তুবিলাকৰ পৰা নিজকে মুকলি কৰি তাকৰ বস্তুৰে জীৱনটোক আনন্দদায়ক আৰু উপভোগ্য কৰি তোলক।
ইংৰাজীত পঢ়ক : How to start decluttering: Make room for joy in life