চৰকাৰে দৰিদ্ৰ পৰিয়ালৰ মহিলাসকলৰ বাবে ৰূপায়ণ কৰা অৰুণোদয় আঁচনিত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।

ৰাজ্যৰ বিভিন্ন ঠাইত এই আঁচনিৰ পৰা একাংশ মহিলা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপিত হোৱা দেখিবলৈ পোৱা গৈছে৷

তাৰ মাজতে নাজিৰা সমষ্টিৰ অন্তগৰ্ত চুকাফা গাঁও পঞ্চায়তটো অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হোৱা বহুতো মহিলাই উত্তপ্ত পৰিস্হিতি সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে। বহুতো প্ৰকৃত হিতাধিকাৰী ইয়াৰ পৰা বঞ্চিত হৈছে।

জানিব পৰা মতে, চুকাফা গাঁও পঞ্চায়তটোৰ অধীনৰ শতাধিক মহিলাৰ অৰুণোদয় আঁচনিত যোগ্য হিতাধিকাৰীৰ নাম সন্নিৱিষ্ট নকৰি পঞ্চায়তখনে ব্যৱসায় কৰা,ধনীক শ্ৰেণীৰ লোকৰ পৰিয়ালক হিতাধিকাৰী নিৰ্বাচন কৰি বিসংগতিপূৰ্ণভাৱে তালিকা প্ৰস্তুত কৰি এই আচঁনি প্ৰদান কৰিছে।

ইয়াকে লৈ আজি পঞ্চায়ত কাৰ্যালয়ত এক হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷

তথ্য অনুসৰি, চুকাফা গাঁও পঞ্চায়তটোৰ অধীনৰ মহিলাসকলে পঞ্চায়তখনৰ প্ৰতিনিধিসকলৰ লগতে অঞ্চলটোৰ গাঁওবুঢ়াই নিজৰ মতে অৰুণোদয় আচঁনিৰ তালিকা প্ৰস্তুত কৰা বুলি অভিযোগ উত্থাপন কৰে।

পঞ্চায়তটোৰ আৰ্থিকভাৱে স্বচ্চল লোকক হিতাধিকাৰী নিৰ্বাচন কৰাত সৃষ্টি কৰা লৈ বঞ্চিত মহিলা সকলে এক উত্তপ্ত পৰিস্থিতি কৰে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply