গুৱাহাটী : অৱশেষত ফাদিল হ’ল নাৰায়ণ চক্ৰৱৰ্তীৰ হত্যাকাণ্ডৰ ৰহস্য। নাৰায়ণ চক্ৰৱৰ্তীৰ পত্নী আৰু জ্যেষ্ঠ কন্যাই হত্যা কৰিছিল নাৰায়ণ চক্ৰৱৰ্তীক। আৰক্ষীৰ ধাৰাবাহিক জেৰাত মুখ খুলিলে জ্যেষ্ঠ কন্যাই।

ষট পূজাৰ আনন্দৰ মাজতে মহানগৰীত সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড। ষট পূজা উপলক্ষে ঘৰলৈ যোৱা এজন লোকে ঘৰৰ ৰখীয়া হিচাপে থৈ যোৱা নাৰায়ণ চক্ৰৱৰ্তীক অতি নৃশংসভাৱে হত্যা কৰা হৈছিল।

পল্টন বজাৰৰ কালীবাৰীত সংঘটিত হৈছে এই হত্যাকাণ্ডৰ ঘটনাই জোকাৰি গৈছিল মহানগৰী গুৱাহাটী। নাৰায়ণ চক্ৰৱৰ্তী নামৰ এজন লোকক মৃতদেহ উদ্ধাৰ হৈছে কালীবাৰীৰ ৰে’লৱে কলনীৰ এটা কোৱাটাৰত। সঞ্জীৱ চৌধুৰী নামৰ কোৱাটাৰটোৰ গৰাকীজনে ষট পূজা উপলক্ষে ঘৰত যোৱাৰ বাবে নাৰায়ণ চক্ৰৱৰ্তীক ঘৰৰ ৰখীয়া হিচাপে থৈ গৈছিল।

নাৰায়ণ চক্ৰৱৰ্তী কালীবাৰীৰ কালী মন্দিৰৰ পূজাৰী আছিল। আৰক্ষীয়ে নাৰায়ণ চক্ৰৱৰ্তীৰ হত্যাকাণ্ডৰ তদন্ত চলাই অৱশেষত সাফল্য লাভ কৰে। সোমবাৰে আৰক্ষীয়ে নাৰায়ণ চক্ৰৱৰ্তীৰ পত্নী মৌচুমী চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰাৰ লগতে জ্যেষ্ঠ কন্যাক জেৰা চলাইছিল। আৰক্ষীৰ জেৰাত মুখ খুলে নাৰায়ণ চক্ৰৱৰ্তীৰ কন্যাই।

লগতে পঢ়ক : ভাৰত-ভূটান সীমান্তত উদ্ধাৰ আঘাতপ্ৰাপ্ত ভালুক

নাৰায়ণ চক্ৰৱৰ্তীৰ জ্যেষ্ঠ কন্যাই স্বীকাৰ কৰে মাতৃ মৌচুমী চক্ৰৱৰ্তীৰ লগত মিলি পিতৃক হত্যা কৰাৰ কথা। অৱশ্যে হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও পাৰিবাৰিক কাৰণতে হত্যাকাণ্ড সংঘটিত কৰাৰ কথা আৰক্ষীয়ে জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply