গোৰেশ্বৰঃ গোৰেশ্বৰৰ ভোগপুৰত পত্নীক প্ৰতাৰণা কৰা অভিযোগত স্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল পত্নীৰ। ভোগপুৰৰ তাজুল আলী নামৰ ব্যক্তি জনৰ বিৰুদ্ধে গোৰেশ্বৰ থানাত এজাহাৰ দাখিল কৰিছে পত্নীয়ে। জানিব পৰা মতে যোৱা ডেৰ বছৰ পূৰ্বে ইছলাম ধৰ্মী সামাজিক ৰীতি মতে ভোগপুৰৰ যুৱতী গৰাকীক বিবাহ সম্পন্ন কৰিছিল একে গাওঁৰে তাজুলে।
পেশাত এগৰাকী ডাম্পাৰ চালক তাজুল আলীয় বিবাহৰ পিছত বৰ্তমান এটি সাত মহীয়া ল’ৰা সন্তানৰ পিতৃত্ব অৰ্জন কৰে। ইমান দিনে ঘৰ সংসাৰ ঠিকেই চলি আছিল যদিও তিনি মাহ পূৰ্বৰে পৰা তাজুল আলীয়ে সন্তান আৰু পত্নীক এৰি চাংসাৰীত কৰ্মসূত্ৰে ভাড়াতীয়া হিচাপে থাকিবলৈ লয়।
চাংসাৰীত থকাৰ সময়ৰে পৰা তাজুল আলীয়ে পত্নীক দৈনন্দিন খা-খৰচ দিয়াৰ পৰা বিৰত থাকে। আনকি ঘৰলৈ আহিবলৈ বাদ দিয়াৰ উপৰি পত্নীৰ ঘৰৰ পৰা ফোন কৰিলে ফোন নধৰাৰ লগতে নম্বৰ ব্লক কৰি থৈ দিয়ে।
লগতে পঢ়কঃআৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰা হাফিজ উদ্দিন পৰিল জালত
সেয়েহে পত্নীয়ে নিজৰ মাতৃৰ লগতে আন দুজনমানক লগত লৈ স্বামীৰ কৰ্মস্থলী চাংসাৰীত ২৫ ছেপ্টেম্বৰত দিনা উপস্থিত হয়। তেওঁলোকে তাজুল আলীৰ ভাড়াতীয়া ঘৰত তাজুল আলীক অন্য এক মহিলাৰ সৈতে অবৈধ সম্পৰ্কত লিপ্ত হৈ থকা প্ৰত্যক্ষ কৰে। তাজুল আলী কৰায়ত্ত কৰিবলৈ তেওঁলোকে চেষ্টা কৰে যদিও তাজুল আলী পলায়ন কৰে। এই বিষয়ে পত্নী গৰাকীৰ পৰিয়ালে তাজুলৰ পিতৃক অৱগত কৰাত তিৰস্কাৰ কৰিহে পঠিয়াই।
ইয়াৰ পিছতেই উক্ত ঘটনা সম্পৰ্কত গোৰেশ্বৰ থানাত পত্নীয়ে এখন এজাহাৰ দাখিল কৰে আৰু এই ক্ষেত্ৰত স্বামী তাজুল আলী আৰু শহুৰেক তাহিৰ আলীৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই।