মঙলদৈঃ দৰঙৰ ধূলা অঞ্চলত বনৰীয়া গাহৰিৰ তাণ্ডৱ। শুকুৰবাৰৰ ৰাতিপুৱাৰে পৰা আটাকাটা, কেওঁট পাৰা গাঁৱত এটা বনৰীয়া গাহৰিয়ে তাণ্ডৱ চলাই আহত কৰে ৭ জন কৈ লোকক।

আহত ৬ জনক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু এজনক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।

আহতকেইজন হৈছে ফজৰ আলী, ভুটু আলী ,মোজামিল হক ,আবুল হুছেইন ,নৌচাদ আলী,
জাহাংগীৰ আলী আৰু আনজনৰ নাম জানিব পৰা হোৱা নাই।

ৰাইজ আৰু বন বিভাগৰ তৎপৰতাত বনৰীয়া গাহৰিটো শনিবাৰে দুপৰীয়া কৰায়ত্ত কৰি ওৰাং ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰা হৈছিল যদিও খাৰুপেটীয়া পশু চিকিৎসালয়তে গাহৰিটোৰ মৃত্যু হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply