বিশ্বনাথ : বিহালীত বনৰীয়া হাতীৰ জাকৰ সন্ত্ৰাস। পথাৰৰ পকা ধান খাই তহিলং কৰিছে বনৰীয়া হাতীৰ জাকে। মূৰে-কপালে হাত দিছে কৃষকে। বন বিভাগৰ ভূমিকাত ক্ষোভিত ৰাইজ।
বিশ্বনাথ জিলাৰ বিহালীত বনৰীয়া হাতীৰ জাকৰ সন্ত্ৰাস। বিগত কিছুদিন ধৰি বনৰীয়া হাতীৰ এটা বৃহৎ জাকে সন্ত্ৰাস চলাই আছে বিহালীৰ বিভিন্ন অঞ্চলত। বনৰীয়া হাতীৰ জাকটোৱে পথাৰৰ পকা ধান খাই তহিলং কৰাত কৃষক ৰাইজে মূৰে-কপালে হাত দিছে।
ইফালে বন বিভাগে বনৰীয়া হাতীৰ জাকটোক খেদি পঠিয়াবলৈ অসক্ষম হোৱাত ৰাইজ ক্ষোভিত হৈ উঠিছে। ৰাইজে অভিযোগ কৰিছে যে বন বিভাগৰ লোকে গুৰুত্ব প্ৰদান নকৰাৰ ফলত কৃষক সকল ব্যাপক ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে।
উজাগৰে নিশা কটাই কৃষক ৰাইজে খেতি পথাৰ পহৰা দিবলগীয়া হৈছে। নিশা হোৱাৰ লগে লগে বনৰীয়া হাতীৰ জাকেটোৱে বিহালীৰ নাচবৰ, ৰৌমাৰী, ৰাংছালী, বতিয়ামাৰিকে আদি কৰি কেইবাখনো গাৱঁত সন্ত্ৰাসৰ সৃষ্টি কৰে বুলি ৰাইজে জানিবলৈ দিয়ে।
লগতে পঢ়ক : অ-সামাজিক কাৰ্য্যকলাপ ৰোধত আৰক্ষী প্ৰশাসনৰ ব্যৰ্থতাৰ অভিযোগত প্ৰতিবাদ
বনৰীয়া হাতীৰ সন্ত্ৰাসৰ ফলত ৰাইজ আতংকিত হোৱাৰ লগতে নিশা উজাগৰে থাকিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। বন বিভাগে বনৰীয়া হাতীৰ জাক খেদাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে গঞা ৰাইজে৷