গুৱাহাটী : কটকীপাৰাৰ পিটনিত আৱদ্ধ বনৰীয়া হাতী। গড়চুকৰ কটকীপাৰাত পিটনিত আৱদ্ধ হৈ আছে এটা বনৰীয়া হাতী। খাদ্যৰ সন্ধানত গড়ভাঙা বনাঞ্চলৰ পৰা ওলাই আহিছিল বনৰীয়া হাতীৰ এটা জাক।

মহানগৰী গুৱাহাটীৰ গড়চুকৰ কটকীপাৰাত পিটনি এটাত বনৰীয়া হাতী এটা আৱদ্ধ হৈ আছে। সোমবাৰে পুৱাৰ ভাগত একাংশ লোকে পিটনিৰ মাজত বনৰীয়া হাতীটোক প্ৰত্যক্ষ কৰি হাতীটোক উদ্ধাৰ চেষ্টা চলাই বিফল হয়।

লগতে পঢ়ক : অৰুণাচলত পুনৰ ১০২টা জলবিদ্যুৎ প্ৰকল্প স্থাপনৰ প্ৰস্তুতি: শংকিত লখিমপুৰবাসী

পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ বনৰীয়া হাতীটোক উদ্ধাৰৰ বাবে অভিযান চলায় যদিও বৰ্তমানালৈকে সফল হোৱা নাই। বন বিভাগৰ লগতে চিকিৎসকৰ দল এটাই সন্ধিয়াৰ ভাগত ট্ৰেংকুলাইক কৰি হাতীটোক উদ্ধাৰ কৰিব বুলি জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply