গোলাঘাট জিলাৰ নুমলীগড়ত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। প্ৰতিদিনে জনাঞ্চলত বন্যহস্তীৰ মুক্ত বিচৰণ কৰাৰ ফলত ৰাইজ আতংকত দিন কটাব লগা হৈছে। জিলাখনৰ মৰঙীৰ বগীধলা, নগাকটা আদি অঞ্চলত হাতীৰ উপদ্ৰৱৰ বাবে ৰাইজে উজাগৰী নিশা কটাব লগা হৈছে।

আনহাতে জিলাখনৰ নামবৰ দৈগ্ৰোং বনাঞ্চলৰ সমীপৱৰ্তী অঞ্চলসমূহতো ক্ৰমান্বয়ে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত । ঘৰ-বাৰী, খেতি পথাৰ তহিলং কৰিছে জাক জাক বন্যহস্তীয়ে। বন্যহস্তীৰ জাকৰ পৰা ফালৰি কাটি অহা এটা প্ৰকাণ্ড হাতীয়ে সোমবাৰে কাৰ্তিক কন্ধ নামৰ এজন লোকৰ বাসগৃহ সম্পূৰ্ণৰূপে ভাঙি তচ-নচ কৰে ।

ফলত পৰিয়ালটোৰ শিশুসহ ৯ জন সদস্যৰ কথমপিহে প্ৰাণ ৰক্ষা হয়। ভুক্তভোগী পৰিয়ালটোৰ জানিবলৈ দিয়া মতে, ইয়াৰ পূৰ্বেও প্ৰায় ১০ বাৰমান বন্যহস্তীৰ জাকে ভাঙি লণ্ডভণ্ড কৰিছে পৰিয়ালটোৰ বাসগৃহ । ভুক্তভোগী পৰিয়ালটোৰ অভিযোগ মতে, এই সন্দৰ্ভত বাৰম্বাৰ বকিয়াল খণ্ড বন বিষয়াৰ কাৰ্যালয়ত খবৰ দিয়াৰ পিছতো হাতী খেদিবলৈ বা ভুক্তভোগী পৰিয়ালটোৰ খবৰ ল’বলৈ নাহিল কোনো এগৰাকী বনকৰ্মী ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,390 other subscribers

Leave a comment

Leave a Reply Cancel reply