গুৱাহাটী : মহানগৰী গুৱাহাটীত এটা বনৰীয়া হাতীৰ মৃত্যু। বিদ্যুৎস্পৃষ্ট হৈ মহানগৰীত বনৰীয়া হাতীৰ মৃত্যু। গড়চুকৰ গাৰোঘুলিত সংঘটিত হৈছে এই কৰুণ ঘটনা।
দেওবাৰে নিশাৰ ভাগত মহানগৰী গুৱাহাটীৰ গড়চুকৰ গাৰোঘুলিত এটা বনৰীয়া হাতী বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুৰ মুখত পৰে। সোমবাৰে পুৱাৰ ভাগত স্থানীয় ৰাইজে হাতীটোক মৃত অৱস্থাত প্ৰত্যক্ষ কৰে।
ৰাইজে বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ হাতীটোৰ মৃতদেহ উদ্ধাৰ কৰে। বন বিভাগল লোকে তদন্ত অব্যাহত ৰাখিছে। এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।
লগতে পঢ়ক : বৰপেটাৰ কেন্দ্ৰীয় বিদ্যালয়ত জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূষাল
নিশাৰ ভাগত বনৰীয়া হাতীটো খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহিছিল। প্ৰায় চাৰি ফুট ওখ হাতীটো বিদ্যুতৰ তাঁৰত লাগি মৃত্যুৰ মুখত পৰে। অঞ্চলটোত প্ৰায়ে বনৰীয়া হাতী খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰে।