গোৰেশ্বৰঃ গোৰেশ্বৰৰ দেউচুঙাত বন্যহস্তীৰ উপদ্ৰৱ। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা নামি অহা হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা এটা হাতীয়ে উপদ্ৰৱ চলাই ভাঙি তহিলং কৰিলে অঞ্চলটোৰ তিনিটাকৈ পৰিয়ালৰ বাসগৃহ।

বুধুৱা ওৰাং, নাৰায়ন প্ৰধান আৰু নন্দলাল নেৱাৰ নামৰ তিনিটাকৈ পৰিয়ালত উপদ্ৰৱ চলাই পৰিয়ালকেইটাৰ বাসগৃহ ভঙাৰ লগতে ভড়ালৰ ধান-চাউলকে আদি কৰি বিভিন্ন খাদ্য সামগ্ৰী আৰু আচবাব বিনষ্ট কৰে ।

লগতে পঢ়কঃধন দাবীৰ অভিযোগত আটক শিক্ষা বিভাগৰ কৰ্মচাৰী

ইফালে,বৃহত্তৰ অঞ্চলটোত নিশা হলেই বন্যহস্তিৰ জাকে উপদ্ৰৱ চলাই আহিছে যদিও হাতীৰ জাক খেদি পঠিওৱাত ব্যৰ্থ হৈছে বন বিভাগ আৰু বিভাগটোৰ হেমাহিৰ বাবে ৰাইজে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply