গোৱালপাৰা : গোৱালপাৰাত বনৰীয়া হাতীৰ কৰুণ মৃত্যু। গোৱালপাৰা জিলাৰ লক্ষীপুৰত কৰুণ মৃত্যু হৈছে এটা বনৰীয়া হাতীৰ। বিদ্যুতস্পৃষ্ট হৈ বনৰীয়া হাতীটোৰ মৃত্যুৰ সন্দেহ।
গোৱালপাৰা জিলাত ক্ৰমাৎ অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে হাতী আৰু মানুহৰ সংঘাত। জিলাখনৰ বিভিন্ন প্ৰান্তত বিগত সময়ছোৱাত বনৰীয়া হাতীৰ জাকে তাণ্ডৱ চলাই থকা পৰিলক্ষিত হৈছে।
জিলাখনত হাতী আৰু মানুহৰ এই সংঘাতৰ ফলত কেইবাজনো লোকে ইতিমধ্যে প্ৰাণ হেৰুৱেইছে। এই সংঘাতত বনৰীয়া হাতীৰো মৃত্যু ঘটিছে। জিলাখনত পুনৰ এটা বনৰীয়া হাতী মৃত্যুৰ মুখত পৰিছে।
লক্ষীপুৰৰ গুৱালাগুৰি গাঁৱত নিশাৰ ভাগত এটা বনৰীয়া হাতীৰ মৃত্যু হয়। জানিব পৰা মতে অঞ্চলটোত নিশাৰ ভাগত বনৰীয়া হাতীৰ এটা বৃহৎ জাকে তাণ্ডৱ চলাই কেইবাজনো লোকে ঘৰ ভাঙি লণ্ডভণ্ড কৰিছিল।
লগতে পঢ়ক : বনৰীয়া হাতীৰ আক্ৰমণত আহত এজন
পুৱাৰ ভাগত বনৰীয়া হাতীৰ জাকটোৰ এটা হাতী মৃত অৱস্থাত প্ৰত্যক্ষ কৰি ৰাইজৰ বন বিভাগক খবৰ দিয়ে। বিদ্যুতস্পৃষ্ট হৈ বনৰীয়া হাতীটোৰ মৃত্যুৰ হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।