গুৱাহাটীঃ কোকৰাঝাৰত বুধবাৰে নিশা বিদ্যুৎস্পৃষ্ট হৈ এটা বনৰীয়া হাতীৰ মৃত্যু হয়। গোসাইগাঁৱৰ চানফান বনাঞ্চলৰ অন্তৰ্গত মহামায়া মন্দিৰৰ সমীপৰ ত্ৰিপুৰ গাঁৱত এই ঘটনাটো সংঘটিত হয়।
বন বিষয়াসকলে উল্লেখ কৰে যে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা হাতীৰ জাকটোৰ এটা হাতী বৈদ্যুতিক তাঁৰত লগাৰ ফলত মৃত্যু হয়।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে বন বিষয়াসকলৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃত হাতীটো পৰীক্ষা কৰে আৰু পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃত হাতীটোক প্ৰেৰণ কৰে।
ইফালে কামৰূপ জিলাতো বিদ্যুৎস্পৃষ্ট হৈ আন এটা হাতীৰ মৃত্যু হয়।
উল্লেখ্য যে, বিগত কেইবছৰধৰি গুডালুৰ আৰু মুদুমালাই টাইগাৰ ৰিজাৰ্ভ (এমটিআৰ)ত দুৰ্ঘটনাক্ৰমে বৈদ্যুতিক তাঁৰত লাগি প্ৰায় পাঁচটা হাতীয়ে প্ৰাণ হেৰুৱাইছে।