হোজাই : হোজাই জিলাৰ ডবকাৰ আশীনগৰ, হিন্দু ব্লক অঞ্চলত যোৱা ৰাতি উক্ত অঞ্চল প্ৰায় এশজনীয়া এটা বন্য হাতীৰ জাকে উপদ্রব চলাই কেইবাটাও বাস গৃহৰ বিস্তৰ ক্ষতি ক্ষাধন কৰে।

হাতীৰ জাকটো কেইবাটাও ভাগত বিভক্ত হৈ গঞা ৰাইজৰ বাৰিত উপস্থিত হৈ ঘৰ দূৱাৰ, গছ-গছনীভাঙি চুৰমাৰ কৰে। ঘৰৰ আচবাপ পত্ৰ নষ্ট কৰা লগতে মানুহৰ ভৰাল ঘৰ ভাঙি ধান সমূহ নষ্ট কৰি পেলায়।

হাতীৰ জাকটোৱে এই অঞ্চল কেইটাত গোটেই ৰাতি উপদ্রব চলায় পুৱতি নিশা বনকৰ্মী সকলে হাতীৰ জাগটোক ডবকা বনাঞ্চলৰ ফালে খেদি নিবলৈ সক্ষম হয়।

হোজাই জিলাৰ বিভিন্ন প্ৰান্তত বন্যহস্তীৰ সন্ত্ৰাস ৷ বৃহৎ হাতীৰ জাকে নিদ্ৰাহৰণ কৰে হোজাইবাসীক ৷

ডবকা নীলবাগান আদি এলেকাত মানুহৰ ঘৰ বাৰী ভাঙি তচনচ কৰে হাতীৰ জাকটোৱে ৷

কথমপি প্ৰাণ ৰক্ষা পৰে বহু কেইটা পৰিয়ালৰ ৷বনবিভাগ, প্ৰশাসন আৰু দল সংগঠনে ওৰে নিশা পহৰা দিয়ে হাতীৰ জাকটোক

অৱেশ্য পুৱাৰ ভাগত বনাঞ্চললৈ খেদি পঠিয়াবলৈ সক্ষম হয় হাতীৰ জাকটোক ৷ উল্লেখ্য যে বিগত কিছু দিনৰ পৰা হোজাই জিলাখনত সন্ত্ৰাসৰ সৃষ্টি কৰিছে হাতীৰ এই বৃহৎ জাকটোৱে ।

লগতে পঢ়ক- নগাঁৱৰ বঢ়মপুৰত হাতী পোৱালিৰ কৰুণ মৃত্যু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply