চামগুৰি : ৰে’লৰ খুন্দাত পুনৰ মৃত্যু এটা বনৰীয়া হাতীৰ। নৱবৰ্ষৰ প্ৰথমটো নিশা ৰে’লৰ খুন্দাত মৃত্যু হয় এটা বনৰীয়া হাতীৰ। চামগুৰিত সংঘটিত হৈছে এই শোকাবহ দুর্ঘটনা। গুৱাহাটী-শিলঘাট অভিমুখী যাত্ৰীবাহী ৰে’লৰ খুন্দাত মৃত্যু হয় বনৰীয়া হাতীটোৰ।
নগাঁও জিলাৰ চামগুৰিত নৱবৰ্ষৰ প্ৰথমটো নিশাই এটা বনৰীয়া হাতীৰ কৰুণ মৃত্যু ঘটিছে। চামগুৰিৰ ফুকনখাতৰ বৰপুলত গুৱাহাটী-শিলঘাট অভিমুখী যাত্ৰীবাহী ৰে’লৰ খুন্দাত এটা বনৰীয়া হাতী মৃত্যুৰ মুখত পৰে।
লগতে পঢ়ক : নৱবৰ্ষৰ প্ৰথমটো নিশাই বকোত ভয়ংকৰ পথ দুর্ঘটনা
নিশা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীটো ৰে’ল লাইন পাৰ কৰিবলৈ লওঁতে তীব্ৰ বেগী যাত্ৰীবাহী ৰে’লখনে বনৰীয়া হাতীটোক মহতিয়াই নিয়ে। ৰে’ল বিভাগৰ গাফিলতিৰ ফলতে বনৰীয়া হাতী টোৰ মৃত্যু হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে।