ডুমডুমা : ডুমডুমা কাক’জান বনাঞ্চলত বনৰীয়া হাতী নিধন। দুৰ্বৃত্তই কাটি নিলে দাঁত। মানুহ আৰু বনৰীয়া হাতীৰ মাজত সংঘাত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে হাতী আৰু মানুহৰ মাজত সংঘাত। তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত প্ৰায়ে দেখিবলৈ পোৱা যায় হাতী মানুহৰ সংঘাত।

জিলাখনৰ ডুমডুমা কাক’জান বনাঞ্চলত পুনৰ হাতী আৰু মানুহৰ সংঘাতৰ ফলত প্ৰাণ হেৰুৱাইছে এটা বনৰীয়া হাতী। সোমবাৰে নিশা দুৰ্বৃত্তই এটা বনৰীয়া হাতীক নিধন কৰাত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰাপ্ত তথ্য অনুসৰি নিশা এটা বৃহৎ বনৰীয়া হাতীৰ জাকে বনাঞ্চলখনৰ কাষৰ পথাৰত ধান খাবলৈ আহিছিল।

পথাৰৰ ধান খাবলৈ অহা বনৰীয়া হাতীৰ জাকটোৰ এটা হাতীক দুৰ্বৃত্তই হত্যা কৰি হাতীটোৰ দাঁত কাটি লৈ যায়। পুৱা স্থানীয় ৰাইজে মৃত হাতীটো প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে। ঘটনাস্থলীত বৰ্তমান বন বিভাগৰ লোক উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে।

লগতে পঢ়ক : অনিমেষ ভূঞাৰ স্মৃতিত আছুৰ ৩ দিনীয়া শোক কাৰ্যূচী; মাৰ্ঘেৰিটাত আছুৰ পতাকা অৰ্ধ নমিত

স্থানীয় ৰাইজে হাতীটো গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপিত কৰিছে l উল্লেখনীয় যে, ডুমডুমা কাক’জান বনাঞ্চলখন তৈল নগৰী ডিগবৈ পৰ্যন্ত বিস্তাৰিত হৈ আছে যদিও বনাঞ্চলখনত কোনোধৰণৰ ডাঙৰ গছ-গছনি দেখিবলৈ পোৱা নাযায়। বনাঞ্চল ধ্বংসৰ ফলতে প্ৰায়ে খাদ্যৰ সন্ধানত বনৰীয়া হাতীৰ জাক জনাঞ্চলত প্ৰৱেশ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply