মৰিয়নি : চোৰাং চিকাৰীয়ে হত্যা কৰিলে বনৰীয়া হাতী। নাগালেণ্ডৰ চোৰাং চিকাৰীৰ হাতত প্ৰাণ হেৰুৱালে এটা বনৰীয়া হাতীয়ে। মৰিয়নিৰ গিৱণ অভয়াৰণ্যৰ পৰা খাদ্য সন্ধানত ওলাই অহা বনৰীয়া হাতী হত্যা।
যোৰহাট জিলাৰ মৰিয়নিৰ গিৱণ অভয়াৰণ্যৰ পৰা খাদ্য সন্ধানত ওলাই যোৱা বনৰীয়া হাতী এটাক চুবুৰীয়া ৰাজ্য নগালেণ্ডত চোৰাং চিকাৰীয়ে হত্যা কৰা বুলি জানিব পৰা গৈছে। চোৰাং চিকাৰীয়ে নগালেণ্ডৰ লিচাং বস্তিত হত্যা কৰিছে বনৰীয়া হাতী এটাক৷
অৱশ্যে এই সম্পৰ্কে অসমৰ বন কৰ্মীৰ হাতত বৰ্তমানেও নাই কোনো তথ্য৷ বন্যপ্ৰাণী সুৰক্ষা দিয়াত সম্পূৰ্ণৰূপে বিফল হৈছে মৰিয়নিজৰ বন বিভাগ৷ ই’ষ্টম’জ অসমৰ হাতত আহি পৰিছে ভয়ংকৰ তথ্য। গুলী কৰি হত্যা কৰিছিল হাতীটোক বুলি কৰ্মসূত্ৰে নগালেণ্ডত বাস কৰা অসমৰ এজন লোকে জানিবলৈ দিছে৷
উল্লেখ্য যে বিগত বছৰত নগালেণ্ডত চোৰাং চিকাৰীয়ে গিৱণ অভয়াৰণ্য পৰা খাদ্য সন্ধানত নগা পাহাৰলৈ যোৱা ৩ টা কৈ বনৰীয়া হাতী হত্যা কৰিছে বুলি জানিব পৰা গৈছে। বন কৰ্মীৰ বিফলতাৰ বাবে নাগালেণ্ডত চোৰাং চিকাৰীৰ হাতত ইতিমধ্যে মৃত্যু মূখত পৰিছে বহু বনৰীয়া জীৱ জন্তু৷
লগতে পঢ়ক : কৰিমগঞ্জত প্ৰায় ৪৩ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জ্বলাই দিলে কৰিমগঞ্জ আৰক্ষীয়ে
সংবাদ মাধ্যমৰ লোকে খৱৰ দিয়াৰ পাছত এই বিষয়ে অৱগত হৈছে বন বিভাগ৷ সংবাদ মাধ্যমৰ আগত মন্তব্য দিয়া পৰা বিৰত আছে বন কৰ্মী৷ বনৰীয়া হাতীটোৰ মৃত্যু খৱৰ বিয়পি পৰা পাছত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে অসমত৷