কলিয়াবৰ : পুনৰ ৰে’লৰ খুন্দাত মৃত্যু বনৰীয়া হাতীৰ। এইবাৰ কলিয়াবৰত ৰে’লৰ খুন্দাত মৃত্যু হৈছে এটা বনৰীয়া হাতীৰ। শুকুৰবাৰে নিশা সংঘটিত হয় এই কৰুণ ঘটনা।
কলিয়াবৰৰ বামুণীৰ দৌল পুখুৰীত ৰে’লৰ খুন্দাত এটি মাইকী বনৰীয়া হাতীৰ মৃত্যু। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা এটা হাতীৰ জাক ৰে’ল লাইন পাৰ কৰিবলৈ লওঁতে সংঘটিত হয় এই দুর্ঘটনা।
লগতে পঢ়ক : বিশ্বনাথ আৰক্ষীৰ এনকাউণ্টাৰ
গুৱাহাটী-শিলঘাট ৰে’লৰ খুন্দাত নিহত হয় মাইকী বনৰীয়া হাতীৰ। দুৰ্ঘটনাৰ খবৰ পাই নিশাই বন বিভাগ আৰু আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হয়। অঞ্চলটোত এতিয়াও বনৰীয়া হাতীৰ বৃহৎ জাক এটা বিচৰণ কৰি আছে।