বাক্সা : বাক্সাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন। ১ নং শান্তিপুৰত সংঘটিত হয় এই ঘটনা। হাতী খেদিবলৈ যাওঁতে যুৱকজনক আক্ৰমণ কৰে বনৰীয়া হাতীয়ে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। বিশেষকৈ বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ জাকে বিগত কিছুদিন ধৰি সন্ত্ৰাস চলাই থকা দেখিবলৈ পোৱা গৈছে।

শুকুৰবাৰে পুৱাৰ ভাগত জিলাখনৰ ভাৰত-ভূটান সীমান্তৰ কুমাৰীকাটাৰ ১ নং শান্তিপুৰত বনৰীয়া হাতীৰ এটা বৃহৎ জাক জনাঞ্চলত প্ৰৱেশ কৰাত ৰাইজ আতংকিত হৈ বনৰীয়া হাতীৰ জাকটোক ৰাইজে বনাঞ্চলত খেদি পঠিয়াবলৈ চেষ্টা চলায়।

লগতে পঢ়ক : মাৰ্ঘেৰিটাৰ ২নং ফেনেঙ গাঁৱত যুৱক সন্ধানহীন

বনৰীয়া হাতীৰ জাকটোক খেদিবলৈ যোৱা এজন যুৱকক হাতীৰ জাকটোৰ পৰা এটা হাতীয়ে আক্ৰমণ চলোৱাত যুৱকজন নিহত হয়। নিহত যুৱকজন অজয় দাস বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply