বকো : বনৰীয়া হাতীয়ে গচকি হত্যা কৰিলে এগৰাকী মহিলাক। বনৰীয়া হাতীৰ আক্ৰমণত আহত অন্য এগৰাকী মহিলা। পথাৰত ধান চপোৱাত দাৱনী সকল ব্যস্ত থাকোতে বনৰীয়া হাতীয়ে দাৱনী সকলৰ ওপৰত আক্ৰমণ চলায়।
কামৰূপ জিলাৰ বকোৰ বন্দাপাৰাত সংঘটিত হৈছে এক কৰুণ ঘটনা। পথাৰত ধান চপোৱাত ব্যস্ত থকা কেইগৰাকীমান দাৱনীৰ ওপৰত আক্ৰমণ চলায় এটা বনৰীয়া হাতীয়ে। বনৰীয়া হাতীৰ আক্ৰমণত নিৰ্মলা বড়ো নামৰ এগৰাকী মহিলা নিহত হোৱাৰ লগতে বেণুপ্ৰভা বড়ো নামৰ অন্য এগৰাকী মহিলা আহত হয়।
পথাৰত দাৱনী সকলে ধান চপাই থকাৰ সময়তে হঠাৎ এটা বনৰীয়া হাতী দাৱনী সকলক খেদি আহে। বনৰীয়া হাতীটো দাৱনী সকলক খেদি অহাত দাৱনী সকল পলাবলৈ আৰম্ভ কৰে আৰু নিৰ্মলা বড়ো নামৰ মহিলা গৰাকী মাটিত পৰি যায়। বনৰীয়া হাতীটোৱে নিৰ্মলা বড়ো নামৰ মহিলা গৰাকীক গচকি হত্যা কৰে।
লগতে পঢ়ক : বাক্সাৰ গোৰেশ্বৰত বাক্সা জিলা পৰিবহন বিষয়াৰ আকস্মিক অভিযান
আনহাতে আহত বেণুপ্ৰভা বড়োক চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল লৈ প্ৰেৰণ কৰা হৈছে। উল্লেখ্য যে অঞ্চলটোত বিগত কেইবাদিন ধৰি বনৰীয়া হাতীৰ এটা জাকে সন্ত্ৰাস চলাই আছে। বনৰীয়া হাতীৰ জাকটোৱে পথাৰৰ পকা ধান খাই তহিলং কৰাৰ লগতে অঞ্চলটোত বহু লোকৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰিছে।