গোৱালপাৰা : গোৱালপাৰাত শোকাবহ ঘটনা। গোলাপাৰৰ দেউলগুৰিত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় দুজন লোক। ধাননি পথাৰত লোক দুজনক আক্ৰমণ কৰে বনৰীয়া হাতীয়ে।
গোৱালপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত পুনৰ প্ৰাণ হেৰুৱালে দুজন লোক। পুৱাৰ ভাগত ধাননি পথাৰলৈ যোৱা মোহিনী মোহন বাসুমতাৰী আৰু যামিনী খাখলাৰী নামৰ দুজন লোক বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয়।
গোলাপাৰ জিলাৰ দেউলগুৰিত সমঘটিত হোৱা এই শোকাবহ ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে। জানিব পৰা মতে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ এটা জাকৰ পৰা ফালৰি কাটি অহা দুটা হাতীয়ে আক্ৰমণৰ কৰে লোক দুজনক।
লগতে পঢ়ক : ডিমা হাচাওত উগ্ৰপন্থীৰ প্ৰহাৰত দুজন লোকৰ মৃত্যু
ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ মৃত লোক দুজনৰ মৃতদেহ উদ্ধাৰ কৰে। বন বিভাগৰ লোকে বনৰীয়া হাতীৰ জাকটোক খেদি পঠিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে। বনৰীয়া হাতীৰ জাকটোৱে বহু লোকৰ ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰিছে।