ৰূপহীহাট : জুৰীয়াৰ উত্তৰ কলাডুৱাত বনৰীয়া হাতীৰ তাণ্ডৱ। পাঁচটাকৈ বনৰীয়া হাতীয়ে কৃষকৰ ঘৰ-দুৱাৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে বিনষ্ট কৰিলে কেইবাশ বিঘা মৰাপাট খেতি। দুদিন ধৰি অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি আছে পাঁচ জনীয়া বনৰীয়া হাতীৰ জাকটোৱে।

জুৰীয়াৰ উত্তৰ কলাডুৱা গাঁৱত দুদিন ধৰি এটা পাঁচ জনীয়া বনৰীয়া হাতীৰ জাকে তাণ্ডৱ চলাই আহিছে। খাদ্যৰ সন্ধানত লাওঁখোৱা অভয়াৰণ্যৰ পৰা ওলাই অহা হাতীৰ জাকটোৱে লাওঁখোৱা অভয়াৰণ্যৰ দাতিকাষৰীয়া গাৱঁত প্ৰৱেশ কৰিছে। বনৰীয়া হাতীৰ জাকটোৱে কেইবাখনো গাঁৱৰ বহু পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে কৃষকৰ শ শ মৰাপাট খেতিৰ বিস্তৰ ক্ষতি সাধন কৰিছে।

লগতে পঢ়ক :  বতৰৰ আগলি-বতৰা : অসমকে ধৰি উত্তৰ-পূবৰ ৰাজ্যকেইখনত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা

পাঁচ জনীয়া বনৰীয়া হাতীৰ জাকটোৰ আক্ৰমণত বহু লোকে গাঁও এৰি পলায়ন কৰি কোনো মতে প্ৰাণ ৰক্ষা কৰে। স্থানীয় ৰাইজে বন বিভাগক খবৰ দিছে যদিও এতিয়ালৈকে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হোৱা নাই৷ উল্লেখ্য যে খাদ্যৰ সংকটত ভুগি থকা লাওঁখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যৰ বনৰীয়া হাতীয়ে বিগত কিছু দিন ধৰি বনাঞ্চল এৰি জনাঞ্চলত সঘনাই প্ৰৱেশ কৰি তাণ্ডৱৰ সৃষ্টি কৰি আহিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply