ৰূপহীহাট : জুৰীয়াত বনৰীয়া হাতীৰ তাণ্ডৱ। লাওঁখোৱা অভয়াৰণ্যৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ এটা জাকে তাণ্ডৱ চলায় জুৰীয়াৰ বিভিন্ন অঞ্চলত।নিশাৰ ভাগত লাডেন নামৰ এটা বনৰীয়া হাতীৰ লগত অভয়াৰণ্যখনৰ পৰা ওলাই আহে হাতীৰ জাক এটা।
নগাঁও জিলাৰ জুৰীয়াত বিগত কেইবাদিন ধৰি বনৰীয়া হাতীৰ জাক এটাই তাণ্ডৱ চলাই আছে। নিশা হ’লেই লাওঁখোৱা অভ্যাৰণ্যৰ পৰা লাডেন নামৰ এটা বনৰীয়া হাতীৰ লগত জাক এটা ওলাই আহি তাণ্ডৱ চলায়। জনাঞ্চলত প্ৰৱেশ কৰি বনৰীয়া হাতীৰ জাকটোৱে মানুহৰ ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে খেতি পথাৰৰ ব্যাপক ক্ষতি সাধন অব্যাহত ৰাখিছে।
মঙলবাৰে পুনৰ নিশাৰ ভাগত লাডেনসহ বনৰীয় হাতীৰ জাকটো বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰি সন্ত্ৰাস চলায়। জুৰীয়াৰ সূঁতিৰপাৰত হাতীৰ জাকটোৱে এটা ধানৰ মিলকে ধৰি কেইবাটাও ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰে। সুঁতিৰপাৰ, চিতলমাৰী বিল, আৰিমাৰী আৰু চিতলমাৰী পথাৰত নিশা লাওঁখোৱা অভয়াৰণ্যৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকটোৱে উপদ্ৰৱ চলায়।
লগতে পঢ়ক : বুজাবুজি চুক্তি মতে কোন কোন মহিলাৰ মাইক্ৰফাইনেন্সৰ ঋণ মাফ হ’ব
লাওঁখোৱা অভয়াৰণ্যৰ দাঁতিকাষৰীয়া সুঁতিৰপাৰৰ চিতলমাৰী বিল আৰু চিতল মাৰি পথাৰ গাঁৱত নিশা হ’লেই লাডেন নামৰে পৰিচিত বনৰীয়া হাতীৰ লগতে এটা জাকে প্ৰায়েই উপদ্ৰৱ চলায়। বিগত এমাহ ধৰি নিশা হ’লেই লাডেন বাহিনীৰ আতংকত ভুগিব লগীয়া হৈছে গাঁৱবাসীয়ে।