ক্ষেত্ৰী : মহানগৰী গুৱাহাটীৰ কাষৰীয়া অঞ্চলত ক্ষেত্ৰীত বনৰীয়া হাতীৰ সন্ত্ৰাস। বনাঞ্চলৰ পৰা ওলাই অহা চাৰি টাকৈ বনৰীয়া হাতীয়ে ভাঙি লণ্ডভণ্ড কৰিলে কেইবাটাও গৃহ। বনৰীয়া হাতীৰ ভয়ত উজাগৰে নিশা কটাবলৈ বাধ্য গঞা ৰাইজ।
পথৰৰ ধান পকাৰ লগে লগে ধান খাবলৈ বনাঞ্চলৰ পৰা ওলাই আহিছে বনৰীয়া হাতী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাকে জাকে বনৰীয়া হাতী বনাঞ্চলৰ পৰা ওলাই আহি পথাৰৰ পকা ধান খাই তহিলং কৰিছে। ইয়াৰ ব্যতিক্ৰম নহয় মহানগৰী গুৱাহাটীৰ কাষৰীয়া অঞ্চল ক্ষেত্ৰী।
সোমবাৰে পুৱতি নিশা ক্ষেত্ৰী আৰক্ষী চকীৰ অন্তৰ্গত বিজয়পুৰত বনৰীয়া হাতীয়ে সন্ত্ৰাস সৃষ্টি কৰে। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা চাৰিটাকৈ বনৰীয়া হাতীয়ে বিজয়পুৰত কেইবাটাও গৃহ ভাঙি লণ্ডভণ্ড কৰি অঞ্চলটোত সন্ত্ৰাস সৃষ্টি কৰে।
লগতে পঢ়ক : দুৰাৰোগ্য ৰোগত আক্ৰান্ত সন্তানৰ চিকিৎসাৰ বাবে সহায়ৰ আহ্বান পিতৃ-মাতৃৰ
উল্লেখ্য যে ক্ষেত্ৰীৰ বিজ্ঞাপুৰ অঞ্চলত পূৰ্বেও বনৰীয়া হাতীৰ জাকে সন্ত্ৰাস চলাই বহু লোকৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰিছে। ৰাইজে জানিবলৈ দিয়ে যে বনৰীয়া হাতী চাৰিটা অঞ্চলটোত দেওবাৰ নিশাৰ পৰাই বিচৰণ কৰি আছিল।