লখিমপুৰ : লখিমপুৰ জিলাৰ গোবিনপুৰত বনৰীয়া হাতীৰ উপদ্ৰৱ। বৃহস্পতিবাৰে নিশা গোবিনপুৰৰ।কৃষ্ণ বৰুৱা নামৰ এজন লোকৰ বাসগৃহ লণ্ডভণ্ড কৰিলে বনৰীয়া হাতীয়ে। কথমপি প্ৰাণৰক্ষা নিদ্ৰাৰত অৱস্থাত থকা পাঁচজন লোকৰ।

লখিমপুৰ জিলাৰ পথালিপাম বনখণ্ডৰ অন্তৰ্গত গোবিনপুৰ গাঁৱত বনৰীয়া হাতীৰ উপদ্ৰৱ। বৃহস্পতিবাৰে গাঁওখনৰ কৃষ্ণ বৰুৱা নামৰ এজন লোকৰ বাসগৃহ লণ্ডভণ্ড কৰে বনৰীয়া হাতীয়ে। নিশা ভাগত নিদ্ৰাৰত অৱস্থাত থকা পাঁচজন লোকৰ প্ৰাণ কথমপি ৰক্ষা পৰে।

লগতে পঢ়ক  : অবৈধভাৱে কৰ সংগ্ৰহ কৰাৰ অভিযোগত ডবকাৰ টোলগেটত উত্তপ্ত পৰিস্থিতি

বনৰীয়া হাতীয়ে লোকজনৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ধান খাই তহিলং কৰে। ইফালে বন বিভাগে বৰ্তমানলৈকে কোনো খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালটোৱে। উল্লেখ্য যে দীৰ্ঘ ধৰি বনৰীয়া হাতীৰ সন্ত্ৰাসৰ মাজতে জীৱন যাপন কৰি আহিছে গোবিনপুৰৰ ৰাইজে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply