ক্ষেত্ৰী : মহানগৰীৰ ক্ষেত্ৰী থানাৰ অন্তৰ্গত ক্ষেত্ৰীৰ ত্ৰিশখন বিচনাযুক্ত চিকিৎসালয়ৰ সমীপত দেওবাৰে নিশা বনৰীয়া হাতীৰ তাণ্ডৱ। বনাঞ্চলৰ পৰা ওলাই আহি বনৰীয়া হাতীৰ জাকে এজন লোকৰ ভঁৰালৰ ধন খাই অন্য এজন লোকৰ বাসগৃহ লণ্ডভণ্ড কৰে।

দেওবাৰে নিশা চিকিৎসালয়খনৰ সমীপৰে এজন অতি দুখীয়া লোকৰ বাসগৃহত প্ৰৱেশ কৰি বনৰীয়া হাতীৰ জাকটোৱে লোকজনৰ বাসগৃহ ভাঙি চূৰ্ণ-বিচূৰ্ণ কৰাৰ বিপৰিতে অন্য এঘৰ লোকৰ ভঁৰালৰ সমগ্ৰ ধান খাই শেষ কৰে। ফলত মূৰে-কপালে হাত দিবলগীয়া হৈছে ভূক্তভোগী দুজন। অৱশ্যে বনৰীয়া হাতীৰ জাকটোৰ আক্ৰমণৰ ফলত কোনো লোকে আহত হোৱা নাই।

লগতে পঢ়ক : আজি বিশ্ব ধপাত বিৰোধী দিৱস : জানক ধপাত সেৱনে কিদৰে ক’ভিডৰ আংশকা বৃদ্ধি কৰে

উল্লেখ্য যে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীৰ এটা জাকে ক্ষেত্ৰীৰ বিভিন্ন অঞ্চলত প্ৰায়ে তাণ্ডৱ চলাই থকাৰ ফলত সন্ধিয়া হ’লেই ৰাইজ আতংকিত হৈ পৰে। ইফালে বন বিভাগে বনৰীয়া হাতীৰ জাকটোক খেদি পঠাবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰি ক্ষোভিত হৈ পৰিছে গঞা ৰাইজ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply