লখিমপুৰ: লখিমপুৰ জিলাৰ হাৰমতিত বন্য জন্তুৰ অংগৰ সৰবৰাহ কৰা অবস্থাত বন বিভাগৰ জালত পৰিল তিনিটা সৰবৰাহকাৰী।
অৰুণাচলৰ পৰা এখন বিলাসী বাহনত বাঘৰ চাল, হাড়, নখ, দাঁত আদি কঢ়িয়াই অনা অৱস্থাত জালত পৰে সৰবৰাহকাৰী তিনিটা।
বন্যপ্ৰাণী অপৰাধ অনুসন্ধান ব্যুৰ’ আৰু হাৰমতি আঞ্চলিক বন বিষয়াৰ নেতৃত্বত চলিছিল এই অভিযান। জালত পৰা যুৱক কেইজন ধেমাজিৰ প্ৰবীন দলে,অৰুণাচলৰ পশ্চিম কামেং জিলাৰ নিয়ানিয়া য়ামছা, টাপে য়ামছা।
বন্যপ্ৰাণী অপৰাধ অনুসন্ধান ব্যুৰ’ দলে তিনিজন যুবকক বৰ্তমান জেৰা অব্যাহত ৰাখিছে ।
লগতে পঢ়ক – শিলাবৃষ্টিত ক্ষতিগ্ৰস্ত লোকক সহায়-সহযোগিতা প্ৰদানৰ আশ্বাস কৃষি মন্ত্ৰীৰ