নিউজ ডেস্কঃ অসমৰ বিদায়ী আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই মঙলবাৰে 4th ABPn কাৰ্যালয়ৰ বিদায়ী অনুষ্ঠানত অসম আৰক্ষীক সদায় প্ৰণাম জনাই যাম বুলি কোৱাৰ লগতে নৱনিযুক্ত ডিজিপি জ্ঞানেন্দ্ৰ প্ৰতাপ  সিঙক আহিবলগীয় দিনত সৰ্মথন কৰিব বুলি জনাই। লগতে, ভাষণ দি থকাৰ মাজতেই মহন্তই কয় যে, “প্ৰতিজন আৰক্ষী কৰ্মীৰ বাবে ই কেৱল চাকৰি নহয়,ই এক  সেৱা।” 

আনফালে ,নৱনিযুক্ত ডিজিপি জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙৰ সন্দৰ্ভত ভাস্কৰ জ্যোতি মহন্তই কয় যে, “আমাৰ ৰাজ্যই সন্মুখীন হোৱা সমস্যাসমূহ কেনেদৰে সমাধান কৰিব লাগে সেই সন্দৰ্ভত মই তেওঁৰ সৈতে প্ৰায়ে আলোচনা কৰো ।”

যেতিয়া হিমন্ত  বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী পদৰ দায়িত্ব ল’লে তেতিয়া পৰা আৰক্ষী বিভাগত এক মণিকাঞ্চন সংযোগ হোৱা বুলি মহন্তয়ে কয়।  

উল্লেখ্যযোগ্য যে, নৱনিযুক্ত ডিজিপি জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে মঙলবাৰে বিয়লি প্ৰায় ৪.৩০ বজাত আৰক্ষী মুখ্যকাৰ্যালয়ৰ পৰা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান দায়িত্ব গ্ৰহণ কৰিব।  

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply