নিউজ ডেস্ক: বিগত কিছুদিনৰ বাবে ৰাজ্যত বতৰ কিছু পৰিমাণে ফৰকাল আছিল যদিও আহিবলীয়া দিন কেইটাত বতৰ পুনৰ ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। আজি পুৱাৰ ভাগত অহা এজাক প্ৰবল বৰষুণে গুৱাহাটী মহানগৰীত কৃত্ৰিম বানপানীৰ সৃষ্টি কৰে।
অনাগত সপ্তাহ কেইটাত অসমকে ধৰি উত্তৰ-পূবত মজলীয়াৰ পৰা লঘু পৰিমাণৰ বৰষুণ আহিব পাৰে।
বতৰ বিজ্ঞান কেন্দ্ৰৰ প্ৰতিবেদন মতে উত্তৰ-পূবৰ ওপৰেৰে পাৰ হৈ যাবলগীয়া এজাক ঘূৰ্ণীবতাহে অহা ৫ বা তাতকৈ বেছিদিনৰ বাবে অসম, নাগালেণ্ড, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম আৰু ছিকিমত মজলীয়াৰ পৰা পাতলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে।
অৱশ্যে বতৰ বিজ্ঞান কেন্দ্ৰই এই সময়ছোৱাত অঞ্চলটোত গাজনি-ঢেৰেকনিৰে ধুমুহা-বৰষুণ অহাৰ সম্ভাৱনা নাই বুলি জানিবলৈ দিয়ে।
লগতে পঢ়ক – ৰঙিয়াত তেজেৰে লুতুৰি পুতুৰি অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ