নিউজ ডেস্ক : প্ৰাক্তন কংগ্ৰেছ নেত্ৰী সুস্মিতা দেবে তৃণমূল কংগ্ৰেছত যোগদান কৰাক লৈ বিভিন্ন মহলত চৰ্চা চলি থকাৰ মাজতে প্ৰাক্তন সাংসদ গৰাকীয়ে মঙলবাৰে সাংবাদিকৰ আগত কয় যে দলটোত যোগদান কৰাৰ আঁৰত তেওঁৰ কোনো স্বাৰ্থ জড়িত হৈ থকা নাই।
পশ্চিমবংগৰ মুখ্য তথা দলটোৰ সভানেত্ৰী মন্ত্ৰী মমতা বেনাৰ্জী যি দায়িত্ব অৰ্পন কৰে তাকে গ্ৰহণ কৰিব বুলি তেওঁ মন্তব্য কৰে।
সোমবাৰে তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ডেৰেক অ’ব্ৰায়েন তথা অভিশেষ বেনাৰ্জীৰ উপস্থিতিত দলটোত যোগদান কৰা দেবে কয়, ‘মই নাভাবো যে তৃণমূল কংগ্ৰেছত যোগদান কৰি মই মোৰ আদৰ্শৰ সৈতে কিবা আপোচ কৰিছো। তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ আঁৰত মোৰ কোনো স্বাৰ্থ নাই আৰু মমতা বেনাৰ্জীয়ে যি দায়িত্ব দিয়ে মই তাকে গ্ৰহণ কৰিম।’
উল্লেখযোগ্য যে কংগ্ৰেছ দলৰ এগৰাকী প্ৰভাৱশালী নেত্ৰী তথা শিলচৰৰ প্ৰাক্তন সাংসদ সুস্মিতা দেব সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী আছিল।
ছোনিয়া গান্ধীৰ হাতত নিজৰ পদত্যাগ পত্ৰ অৰ্পন কৰা দেবে কি কাৰণত এই সিদ্ধান্ত গ্ৰহণ কৰিলে সেই সম্পৰ্কে এই পৰ্য্যন্ত কোনো উত্তৰ দিয়া নাই।
‘মোৰ ৩০ বছৰীয়া ৰাজনৈতিক জীৱনত মই কংগ্ৰেছৰ হাই কমাণ্ডৰ ওচৰত কোনো ধৰণৰ দাবী কৰা নাছিলো,’ দেবে কয়।
লগতে পঢ়ক : ৰাজ্যত ১১ শতাংশ লোকে দুই পালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰিছে : স্বাস্থ্য মন্ত্ৰী