মানকাচৰ – দক্ষিণ শালমাৰা মানকাচৰ জিলাত জব্দ বিলাতী সুৰা আৰু নিচাজাতীয়া টেবলেট। পান দোকানৰ পৰা জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰা। গ্ৰেপ্তাৰ পিতা-পুত্ৰ। আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ দুই হাজাৰ নিচাজাতীয়া টেবলেট।
দক্ষিণ শালমাৰা মানকাচৰ জিলাত আৰক্ষীয়ে তীব্রতৰ কৰি তুলিছে নিচাজাতীয়া সামগ্ৰীৰ বিৰুদ্ধে অভিযান। জিলাখনত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে। দক্ষিণ ছালমাৰাৰ ফকীৰগঞ্জ-মাটিফাটা বজাৰত অভিযান চলাই আৰক্ষীয়ে এখন পান দোকানৰ পৰা বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰে।
হানিফ আলী নামৰ এজন লোক আৰু তেওঁৰ পুত্ৰ ৰছিদুল আলীয়ে দীৰ্ঘদিন ধৰি ফকীৰগঞ্জ-মাটিফাটা বজাৰত থকা নিজৰ পান দোকানখনত অবৈধভাৱে বিলাতী সুৰাৰ বেহা চলাই আছিল বুলি আৰক্ষীয়ে খবৰ লাভ কৰিছিল। দক্ষিণ শালমাৰা আৰক্ষীৰ চক্ৰ বিষয়া অতুল চন্দ্ৰ ৰয় আৰু ফকীৰগঞ্জ থানাৰ আৰক্ষী উপ পৰিদৰ্শক আহমেদ আলীয়ে অভিযান চলাই হানিফ আলীৰ পান দোকানখনৰ পৰা বিলাতী সুৰাখিনি জব্দ কৰে।
ইফালে মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ গজাৰিকান্ধীত আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ এটা দলে গোপন খবৰ ভিত্তিত অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয়া টেবলেট জব্দ কৰে। আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ অভিযানকাৰী দলটোৱে লিয়াকত আলী নামৰ এজন লোকক দুই হাজাৰ যুৱা নামৰ নিচাজাতীয়া টেবলেটসহ গ্ৰেপ্তাৰ কৰে।