নৱবৰ্ষৰ নিশা সুৰা বিক্ৰীয়ে সৃষ্টি কৰা অভিলেখ ভংগ হ’ল গুৱাহাটীত।
উৰুকাৰ দিনা ব্যাপক হাৰত বিলাতী সুৰা বিক্ৰী হোৱাৰ খবৰ প্ৰকাশ হ’ল আবকাৰী বিভাগৰ তথ্যত।
গুৱাহাটী মহানগৰীতে নতুন অভিলেখ গঢ়িলে সুৰা বিক্ৰীয়ে।
উৰুকাৰ ভোজ-ভাতৰ লগতে মহানগৰবাসীয়ে ক্ৰয় কৰিলে ২.৭৫ কোটি টকাৰ সুৰা।
উৰুকাৰ নিশা বিশেষ দূৰ্ঘটনা নোহোৱাৰ কথা প্ৰকাশ কৰিছে গুৱাহাটী মেডিকেল কলেজ হস্পিতালৰ অধীক্ষক অভিজিত শৰ্মাই।
আৰক্ষীয়েও কালিৰ দিনটোত তালাচী চলাই বিশেষ লোকক ধৰাৰ খবৰো নাই।
চৰকাৰে আশা কৰা ধৰনে ঘৰতেই খাই অভিলেখ ৰচিলে মহানগৰবাসীয়ে।
লগতে পঢ়ক- উৰুকাৰ নিশা লাহৰীঘাটত ভয়াবহ অগ্নিকাণ্ড