গুৱাহাটী : অনলাইন সুৰা বিক্ৰী সম্পৰ্কে ৰাজপত্ৰিত জাননী জাৰি। অনুজ্ঞাপত্ৰ থকা সুৰা বিপণীয়েহে পাব অনলাইন বিক্ৰীৰ সুবিধা। এপযোগে বিক্ৰী কৰিব পাৰিব বিদেশী সুৰা।আবকাৰী বিভাগৰ ওচৰত পঞ্জীয়ন কৰিব লাগিব বিপণীয়ে। হোম ডেলিভাৰী এজেণ্টৰ তথ্যৰ সবিশেষ জমা দিব লাগিব বিভাগক।

সুৰাৰ হোম ডেলিভাৰী দিয়া এজেণ্টৰ বয়স ২১ বছৰৰ কম হ’ব নোৱাৰিব। নিৰ্দিষ্ট অনলাইন প’ৰ্টেলত নাম, বয়সৰ প্ৰমাণ দিব লাগিব গ্ৰাহকে। শিক্ষানুষ্ঠানৰ হোষ্টেল, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, ধৰ্মীয় স্থানত ডেলিভাৰী নহ’ব সুৰা। এজন গ্ৰাহকে সৰ্বাধিক ৩ লিটাৰ পৰ্যন্ত সুৰাৰ অৰ্ডাৰ দিব পাৰিব।

ডেলিভাৰী এজেণ্টে ৯ লিটাৰ পৰ্যন্ত সুৰা কঢ়িয়াব পাৰিব।অৰ্ডাৰ দিওতেই আদায় দিব লাগিব সুৰাৰ মূল্য। পুৱা ১১ বজাৰ পৰা নিশা ১০ বজালৈ থাকিব সুৰাৰ অনলাইন ডেলিভাৰীৰ সুবিধা। অৰ্ডাৰ দিয়াৰ ২ ঘণ্টাৰ ভিতৰত দিব লাগিব সুৰাৰ ডেলিভাৰী। এম আৰ পিতকৈ সুৰাৰ অধিক দাম ল’ব নোৱাৰিব বিপণীয়ে। নিৰ্দিষ্ট ডেলিভাৰী চাৰ্জ, ছাৰ্ভিচ চাৰ্জ আদিৰ উপৰি কোনো চাৰ্জ ল’ব নোৱাৰিব৷

লগতে পঢ়ক : বৰপেটাৰ শিলাত চৰাই নিধন ঘটনাৰ বুজ ললে মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) এম কে যাদৱে

১ কিঃমিঃতকৈ কম দূৰত্বৰ বাবে ৫০ টকা অতিৰিক্ত চাৰ্জ দিব লাগিব। ১ ৰ পৰা ২ কিঃমিঃৰ ভিতৰত চাৰ্জ হ’ব ৭৫ টকাম অৰ্ডাৰ পোৱাৰ ১০ মিনিটৰ ভিতৰত বিপণীয়ে অৰ্ডাৰ গ্ৰহণ কৰিব লাগিব। অৰ্ডাৰ বাতিল হ’লে গ্ৰাহকে আন এখন বিপণীৰ পৰা ল’ব পাৰিব সুৰা। প্ৰত্যেক বিপণীয়ে সৰ্বাধিক ১০ জন এজেণ্ট ৰাখিব পাৰিব। প্ৰথম অৱস্থাত কেৱল গুৱাহাটী পৌৰ নিগম এলেকাত সীমিত থাকিব এই সুবিধা। পৰৱৰ্তী পৰ্যায়ত সমগ্ৰ ৰাজ্যতে উপলব্ধ হ’ব অনলাইন যোগে সুৰা ক্ৰয়ৰ সুবিধা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,022 other subscribers

Leave a comment

Leave a Reply