নিউজ ডেস্কঃ অসম বিধানসভাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বন্ধ থাকিব সুৰাৰ বিপনী। ৬ এপ্ৰিলত অনুষ্ঠিত হ’ব অসম বিধানসভা ২০২১ নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ।

অসমত এক মসৃণ বিধানসভা নিৰ্বাচন নিশ্চিত কৰিবলৈ ভোটদানৰ প্ৰতি লক্ষ্য ৰাখি সুৰাৰ বিপণী বন্ধ থাকিব বুলি জাননী জাৰি কৰিছে প্ৰশাসনৰ তৰফৰ পৰা।

কামৰূপ মহানগৰ জিলা উপায়ুক্তই এই সন্দৰ্ভত শনিবাৰে এক নিৰ্দেশনা জাৰি কৰে ।

এই নিৰ্দেশনা অনুসৰি ৪ এপ্ৰিল দেওবাৰে সন্ধিয়া ৬ বজাৰ পৰা বন্ধ থাকিব সুৰাৰ বিপনীসমূহ। হোটেল, দোকান, বাৰ আদি সকলো স্থানতে সুৰাৰ বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰিছে।

৬ এপ্ৰিলৰ সন্ধিয়া ৬ বজালৈকে বন্ধ থাকিব সুৰাৰ বিপনীসমূহ ।

উল্লেখ্য যে,অসমত তিনিটা পৰ্যায়ৰ নিৰ্বাচনী ভোটদানৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়তো ৪৮ ঘণ্টাৰ বাবে সুৰাৰ দোকান বন্ধ ৰাখিছিল প্ৰশাসনে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply