দ্বিতীয় দিনাও গুৱাহাটীত বৃদ্ধি পাইছে শীতৰ প্ৰকোপ। আজি পুৱাৰ পৰা আৰম্ভ হৈছে কিনকিনীয়া বৰষুণ। বৰষুণৰ পাচৰ পৰা নামিছে পাৰাস্তম্ভ। আজিৰ দিনটোত বৰ্তমানলৈকে সৰ্বনিম্ন তাপমাত্ৰ ১১.৫ ডিগ্ৰী ছেলচিয়াচ হৈছে।বৃহস্পতিবাৰৰ দিনটোত গুৱাহাটীত সৰ্বনিম্ন তাপমাত্ৰা আছিল ৬.৮ ডিগ্ৰী ছেলচিয়াচ। বাংলাদেশৰ উত্তৰ-দক্ষিণ কোণত সাগৰীয় চাপৰ প্ৰভাৱৰ বাবেই উত্তৰ-পূবত বৃদ্ধি পাইছে শীতৰ প্ৰকোপ।
মিৰ্জাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীয়ে জানিবলৈ দিয়া মতে, গুৱাহাটীত আৰু দুদিনমান ধৰি থাকিব শীতৰ প্ৰকোপ । আনহাতে আজি আৰু কাইলৈ, উত্তৰ-পূব ভাৰতত ব্যাপক হাৰত পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনাৰ কথা কোৱা হৈছে।
শুকুৰবাৰে অসম আৰু মেঘালয়ৰ কিছু অংশতো শিলাবৃষ্টি হোৱাৰ সম্ভাৱনাৰ কথাও বৃহস্পতিবাৰে প্ৰকাশ কৰিছিল বতৰ বিজ্ঞান কেন্দ্ৰই। সেই অনুসৰি শুকুৰবাৰে পুৱাৰে পৰা গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত পাতল বৰষুণ অব্যাহত আছে।
আনহাতে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে উত্তৰ-পশ্চিম ভাৰতত বৰষুণ আৰু তুষাৰপাত হোৱাৰ ফলত পাৰাস্তম্ভ অতি নিম্নগামি হ’ব।উত্তৰ-পশ্চিম ভাৰতত আগন্তুক দুটা দিনত পাৰাস্তম্ভ ২ ৰ পৰা ৪ ডিগ্ৰী চেলছিয়াছলৈ নিম্নগামি হোৱাৰ সম্ভাবনাৰ কথা কোৱা হৈছে।
লগতে পঢ়ক- ৰাজ্যৰ ৭২৬ জন লোকৰ PSO প্ৰত্যাহাৰ কৰিলে ৰাজ্য প্ৰশাসনে