বকো : কামৰূপ জিলাৰ বকোৰ বন্দাপাৰাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। বন্দাপাৰাত বন বিভাগৰ গুলীত আহত হৈছে মাতৃ-কন্যা। কন্যা শিশুটিৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। গুলীবিদ্ধ মাতৃ-কন্যাক চিকিৎসালয়লৈ প্ৰেৰণ।

বকোৰ বন্দাপাৰাত বনৰীয়া হাতীৰ এটা জাকে সন্ত্ৰাসৰ সৃষ্টি কৰিছে। বনৰীয়া হাতীৰ জাকটোৰ আক্ৰমণত ইতিমধ্যে এজন লোক অহাত হৈছে। বন বিভাগে বনৰীয়া হাতীৰ জাকটোক খেদি পঠিয়াবলৈ অভিযান অব্যাহত ৰাখিছে।

বন বিভাগে বনৰীয়া হাতীৰ জাকটোক খেদি পঠিয়াবলৈ গুলী চালনাও কৰিছে। ইয়াৰ মাজতে সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। বন বিভাগৰ গুলীত আহত হৈছে ২ বছৰীয়া কন্যা সন্তানসহ এগৰাকী মহিলা। আহত মহিলা গৰাকীয়ে নাম মালবিকা দৈমাৰী আৰু ২ বছৰীয়া কন্যা শিশুটিৰ নাম আবি দৈমাৰী বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক : আৰক্ষী-বনবিভাগক কেৰেপ নকৰি একাংশ ভূ-মাফিয়াই দিনে-নিশাই চলাই গৈছে অবৈধ খননকাৰ্য

বন বিভাগৰ গুলীত আহত হোৱা মাতৃ-কন্যাক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। জানিব পৰা মতে কন্যা শিশুটিৰ অৱস্থা সংকটজনক। উল্লেখ্য যে পুৱাৰ ভাগত বনৰীয়া হাতীৰ জাকটোৰ আক্ৰমণত সঞ্জয় দাস নামৰ এজন লোক গুৰুত্বৰভাৱে আহত হৈছিল। বনৰীয়া হাতীৰ জাকটোৱে ধাননি পথাৰত ধান খাই তহিলং কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply