গুৱাহাটীঃ অসম প্ৰকাশন পৰিষদৰ গোচৰত গ্ৰেপ্তাৰ ববীতা গগৈ নামৰ এগৰাকী মহিলা। পাণবজাৰ আৰক্ষীয়ে মাৰ্ঘেৰিটাৰ পৰা গ্ৰেপ্তাৰ কৰিছে মহিলাগৰাকীক। প্ৰকাশন পৰিষদে প্ৰণয়ন কৰা কিতাপ অনুমতি অবিহনে PDF ফাইল বনাই বিভিন্ন সামাজিক মাধ্যমত প্ৰচাৰত জড়িত আছিল মহিলাগৰাকী। Copyright Act অধীনত সোমবাৰে গ্ৰেপ্তাৰ হৈছিল তিনিচুকীয়া ঔগুৰিৰ মন্টু ডেকা নামৰ এজন যুৱক। অসম প্ৰকাশন আৰু বিক্ৰেতা সন্থাই দিয়া গোচৰৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰা হৈছে দুয়ো গৰাকীকে।

লগতে পঢ়কঃপল্টনবজাৰ আৰক্ষীৰ জালত মানৱ সৰবৰাহকাৰী

ভাৰতীয় দণ্ডবিধি ধাৰা 66 Copyright Act.1957 আৰু 66 IT Act ধাৰা মতে পঞ্জীয়ন কৰা হৈছে গোচৰ। পূৰ্বে গ্ৰেপ্তাৰ হোৱা মন্টু ডেকা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,878 other subscribers

Leave a comment

Leave a Reply