গুৱাহাটী : মুকালমুৱাত উৱলি যোৱা মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাকলৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। বৃহস্পতিবাৰে মুকালমুৱাত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত এগৰাকী অচিনাক্ত মহিলাৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ হয়।

নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত মুকালমুৱাৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত কম্বলেৰে মেৰিয়াই বাস্তত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো। একাংশ স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।

মুকালমুৱা আৰক্ষী থানাৰ সন্মুখেৰে মুকালমুৱা সাপ্তাহিক বজাৰলৈ যোৱা পথৰ মাজভাগত মৃতদেহটো উদ্ধাৰ হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে।

লগতে পঢ়ক : নাবালিকাক ধৰ্ষণৰ অপচেষ্টা ঠিকাদাৰৰ

উৱলি যোৱা মৃতদেহটোৰ কাষত এটি মেক্সি পোৱা গৈছে। মৃতদহেটোত কঁকালৰ তলৰ অংশ আৰু মূৰ নাই। মূৰ নথকাৰ বাবে মৃতদেহটো চিনাক্ত কৰিব পৰা হোৱা নাই। দুৰ্বৃত্তই হত্যা কৰি এইদৰে মৃতদেহ পেলাই গৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে ৰাইজে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply